গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ স্থানীয় ভাষাৰ তথ্য প্ৰযুক্তি ভিত্তিক বিশেষ কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া আৰু বড়ো ভাষাৰ ওপৰত ইতিমধ্যে কৰি অহা ভাষা-প্ৰযুক্তি ভিত্তিক গৱেষণাই এই ক্ষেত্ৰখনলৈ অধিক ভাষাক অন্তৰ্ভুক্ত কৰাৰ দিশত বৰঙনি আগবঢ়াইছে

author-image
Asomiya Pratidin
New Update
we

ডিজিটেল সংবাদ,গুৱাহাটীঃ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে ৩০ মে'ত উত্তৰ-পূব ভাৰতৰ অ-অনুসূচীত ভাষাসমূহৰ ভাষাগত আচৰণৰ মানদণ্ড স্থাপনক লৈ এক বিশেষ আন্তঃবিভাগীয় গৱেষণা কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাত খিলঞ্জীয়া ভাষাসমূহক কৃত্ৰিম বুদ্ধিমত্তা (AI), প্ৰাকৃতিক ভাষা প্ৰসঞ্চালনা (NLP) আৰু ডিজিটেল প্ৰযুক্তিৰ দিশে আগবঢ়োৱাৰ বিষয়ত আলোচনা কৰা হয়।

Advertisment

লগতে ভাষাসমূহৰ ডিজিটেল মানদণ্ড নিৰূপণৰ বিষয়ত গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে কৰ্মশালাত বিবেচিত হৈছে। উক্ত কৰ্মশালাত উত্তৰ-পূব ভাৰতৰ ৮ টা  অ-অনুসূচীত স্থানীয় ভাষা- খাচি, মিজো, নাগামিজ, গাৰো, ৰাভা, কোকবোৰোক, মিছিং আৰু কাৰ্বিৰ মানদণ্ড স্থাপন বিষয়ক লৈ বিস্তৃত আলোচনা অনুষ্ঠিত হয়। কৰ্মশালাটোৰ পৃষ্ঠপোষকতা কৰে ভাৰত চৰকাৰৰ ব্যুৰ' অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্চে। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উদ্বোধনী ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃবিভাগীয় গবেষণাত গুৰত্ব প্ৰদান কৰি কয়, "ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয়, ই সংস্কৃতি, পৰিচয় আৰু ঐতিহ্যৰ বাহক। উত্তৰ-পূব ভাৰতৰ ভাষাসমূহক ডিজিটেল ইকো-সিস্টেমত অন্তর্ভুক্ত কৰাটো অন্তৰ্ভুক্তিমূলক উন্নয়নৰ বাবে অত্যন্ত প্ৰয়োজনীয়।"

তেওঁ এন.ই.পি. (NEP)-ৰ দৃষ্টান্ত উল্লেখ কৰি কয় যে, "শৈক্ষিক ক্ষেত্ৰই এতিয়া বিষয়ৰ পৰম্পৰাগত সীমা ভাঙি আগবাঢ়িছে আৰু ইয়াৰ প্ৰতিফলন গৱেষণাতো হ’ব লাগিব।” তথ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী তথা প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মাই তেখেতৰ আদৰণি ভাষণত কয়, “এই অ-অনুসূচীত, কম-সম্পদযুক্ত ভাষাসমূহক কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিসৰত অন্তর্ভুক্ত কৰিবলৈ গ্ৰামাটিকেল আৰু চিনটেতিক মানদণ্ড স্থাপন অত্যন্ত জৰুৰী।”

প্ৰাকৃতিক ভাষা প্ৰসঞ্চালনা (NLP) আৰু গণনামূলক ভাষাবিজ্ঞান হৈছে আন্তঃবিষয়ক ক্ষেত্ৰ, য'ত ভাষাৰ গঠন আৰু আচৰণক কম্পিউটাৰ প্ৰযুক্তিৰ সৈতে সংহতি সাধন কৰা হয়। এই ক্ষেত্ৰত AI আৰু অন্যান্য ডিজিটেল প্ৰযুক্তিৰ ওপৰত ভাৰতীয় অনা-ইংৰাজী ভাষাৰ ব্যৱহাৰ বৰ্তমান সময়ত অধিক প্ৰাসংগিক হৈ পৰিছে।

 গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া আৰু বড়ো ভাষাৰ ওপৰত ইতিমধ্যে কৰি অহা ভাষা-প্ৰযুক্তি ভিত্তিক গৱেষণাই এই ক্ষেত্ৰখনলৈ অধিক ভাষাক অন্তৰ্ভুক্ত কৰাৰ দিশত বৰঙনি আগবঢ়াইছে। কৰ্মশালাটোৰ কাৰিকৰী অধিবেশনসমূহ ড° কিশোৰ কাশ্যপ আৰু ড° কুৱলি তালুকদাৰৰ নেতৃত্বত অনুষ্ঠিত হয়।

বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডীন অধ্যাপক ৰাতুল মহন্তই ভাৰত চৰকাৰৰ ডিজিটেল প্ৰযুক্তি উন্নয়নৰ সমসাময়িক গুৰুত্বৰ বিষয়ে অৱগত কৰি কলা, বিজ্ঞান, আৰু প্ৰযুক্তিৰ আন্তঃবিভাগীয় গৱেষণাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। বিশেষজ্ঞ সকলে দিনজোৰা আলোচনাৰ জৰিয়তে ভাষাৰ আচৰণ, বাক্যগঠন, আৰু পংক্তি বিভাগীকৰণৰ দিশত সংগঠিত আকাৰত নথিভুক্ত কৰণ কৰা হয়।

 আলোচনাৰ সিদ্বান্তৰ ভিত্তিত BIS-লৈ এই ভাষাসমূহৰ ৰাষ্ট্ৰীয় মানদণ্ড স্থাপনৰ বাবে প্ৰস্তাৱ সমূহ প্ৰেৰণ কৰা হ’ব। কৰ্মশালাত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল, বিশিষ্ট মিজো ভাষাবিদ ড° লালনুন্ঠাংগি  ছাংতে, মিছিং ভাষাৰ বিশেষজ্ঞ ড° নাহেন্দ্ৰ পাডুন, আই আই টি গুৱাহাটীৰ গণনামূলক ভাষাবিজ্ঞানী অধ্যাপক প্ৰিয়ংকু শৰ্মা, বড়ো ভাষা বিশেষজ্ঞ অধ্যাপক স্বৰ্ণপ্ৰভা চাইনাৰী, সাহিত্যিক অধ্যাপক উপেন ৰাভা হাকাচাম, কাৰ্বি ভাষাৰ বিশেষজ্ঞ ড° খৰছিং টেৰন আৰু চিকাৰি তিছো, কটন বিশ্ববিদ্যালয়ৰ ড° অম্বেশ্বৰ গগৈ।

 লগতে NEHU-তুৰা, NEHU-শ্বিলং, চেন্ট এন্থনি’জ কলেজ, নাগালেণ্ড বিশ্ববিদ্যালয়, ত্ৰিপুৰা বিশ্ববিদ্যালয়, NIT আগৰতলা, কটন বিশ্ববিদ্যালয়, অসম স্কিল বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ শিক্ষক আৰু গৱেষকসকলো অনুষ্ঠানটোত উপস্থিত আছিল।

এই কৰ্মশালাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অন্তৰ্গত “স্থানীয় ভাষাসমূহৰ প্ৰযুক্তি উন্নয়নৰ গৱেষণা কেন্দ্ৰ”ৰ  তত্বাৱধানত অনুষ্ঠিত হয়। এইটো হৈছে ডিজিটেল ইণ্ডিয়া আৰু AI-ৰ বাবে মান্যভাষিক গঠন বিকাশৰ বাবে ৰাষ্ট্ৰীয়ভাৱে গুৰুত্বপূৰ্ণ দ্বিতীয় কাৰ্যশালা। এই উদ্যোগে আগলৈ নতুন NLP টুল, মেছিন অনুবাদ ব্যৱস্থা, আৰু অন্তৰ্ভুক্তিমূলক ডিজিটেল প্ৰযুক্তিৰ বাবে এক নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰা হৈছে।