দুদিন পূৰ্বে কৰ্মত যোগদান কৰা CRPF জোৱানে কিয় গুলীয়ালে নিজৰ মূৰতেই...

ছত্তীশগড়ত অসমৰ CRPFৰ জোৱানৰ আত্মহনন। নিজৰ বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে বাক্সাৰ গুণীন দাস নামৰ জোৱান জনে।

author-image
Asomiya Pratidin
New Update
দুদিন পূৰ্বে কৰ্মত যোগদান কৰা CRPF জোৱানে কিয় গুলীয়ালে নিজৰ মূৰতেই...

ডিজিটেল ডেস্ক: ছত্তীশগড়ত অসমৰ CRPFৰ জোৱানৰ আত্মহনন। নিজৰ বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে বাক্সাৰ গুণীন দাস নামৰ জোৱান জনে। ঘটনাটো শনিবাৰে নিশা ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ আঁতৰত থকা বৰচুৰ আৰক্ষী থানা এলেকাৰ চিআৰপিএফৰ ১৯৫ তম বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত সংঘটিত হয়।

Advertisment

গুণীন দাসৰ ঘৰ বাক্সাৰ অঞ্চলীত বুলি জানিব পৰা গৈছে। দুদিন পূৰ্বে ঘৰৰ পৰা গৈ যোগদান কৰিছিল কৰ্মত।

ঘটনাৰ পাছত প্ৰথম অৱস্থাত তেওঁৰ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ চুইচাইড নোট উদ্ধাৰ কৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

আৰু পঢ়ক: দেশৰ কনিষ্ঠ অংগ দাতা! কিশোৰীয়ে যকৃতৰ অংশ দান কৰি বচালে পিতৃৰ প্ৰাণ

CRPF crime