দেশৰ কনিষ্ঠ অংগ দাতা! কিশোৰীয়ে যকৃতৰ অংশ দান কৰি বচালে পিতৃৰ প্ৰাণ

কেৰালাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে নিজ পিতৃক যকৃত দান কৰি দেশৰ আটাইতকৈ কনিষ্ঠ অংগ দাতা হিচাপে চিহ্নিত হয়

author-image
Asomiya Pratidin
New Update
দেশৰ কনিষ্ঠ অংগ দাতা!  কিশোৰীয়ে যকৃতৰ অংশ দান কৰি বচালে পিতৃৰ প্ৰাণ

ডিজিটেল ডেস্ক: কেৰালাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে নিজ পিতৃক যকৃত দান কৰি দেশৰ আটাইতকৈ কনিষ্ঠ অংগ দাতা হিচাপে চিহ্নিত হয়। দেশৰ আইনে কিশোৰ-কিশোৰীক অংগ দান কৰিবলৈ অনুমতি প্ৰদান নকৰে। কিন্তু দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দেৱানন্দে কেৰালা উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি বিচাৰিছিল।

Advertisment

আদালতৰ অনুমোদন লাভ কৰাৰ পিছত দেৱানন্দে ৯ ফেব্ৰুৱাৰীত তেওঁৰ অসুস্থ পিতৃৰ প্ৰাণ ৰক্ষা কৰিবলৈ যকৃত দান কৰে। তেওঁৰ পিতৃ ৪৮ বছৰীয়া প্ৰতীশে ত্ৰিচুৰ।

অংগ দান কৰাৰ পূৰ্বে কিশোৰী গৰাকীয়ে তেওঁৰ খোৱা-বোৱাত পৰিবৰ্তন আনিছিল আৰু জিমতো যোগদান কৰিছিল। অংগদানৰ এই অস্ত্ৰোপচাৰটো আলুৱাৰ ৰাজাগিৰি চিকিৎসালয়ত কৰা হৈছিল। চিকিৎসালয়খনে অস্ত্ৰোপচাৰৰ ব্যয়ত ৰেহাইও দিছিল। এসপ্তাহ চিকিৎসালয়ত থকাৰ পিছত কিশোৰী গৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাবে অনুমতি দিছিল।

মানৱ অংগ সংৰোপণ আইন, ১৯৯৪- অনুসৰি, নাবালক সকলে অংগ দান কৰাৰ অনুমতি নাই। কিন্তু আদালতৰ পৰা পোৱা অনুমতিৰ বাবেহে তেওঁ পিতৃক অংগ দান কৰিবলৈ সক্ষম হয়।

আৰু পঢ়ক: একেদিনাই ভাল লগা দুখন খেল: এখন টেষ্ট,আনখন...

organ