বিশ্বাস কৰক, ঘৰলৈ উভতি আহিবলৈ আপোনাৰ মন নাযাব

ডিচেম্বৰ হৈছে বছৰটোৰ শেষ মাহ। এই সময়ছোৱাত পুৰণি বছৰটোক বিদায় আৰু নতুন বছৰক আদৰণি জনোৱাৰ বাবে এখন সুন্দৰ পৰ্যটন স্থান ভ্ৰমণ কৰিবলৈ সকলোৰে মন যায়। যদি আপুনিও ডিচেম্বৰ মাহত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে একো চিন্তা নকৰাকৈ ভ্ৰমণ কৰক তলত উল্লেখ কৰা ভাৰতৰ মনোমোহো এই পাঁচখন ঠাই।

author-image
Asomiya Pratidin
New Update
বিশ্বাস কৰক, ঘৰলৈ উভতি আহিবলৈ আপোনাৰ মন নাযাব

ডিজিটেল ডেস্ক: ডিচেম্বৰ হৈছে বছৰটোৰ শেষ মাহ। এই সময়ছোৱাত পুৰণি বছৰটোক বিদায় আৰু নতুন বছৰক আদৰণি জনোৱাৰ বাবে এখন সুন্দৰ পৰ্যটন স্থান ভ্ৰমণ কৰিবলৈ সকলোৰে মন যায়। যদি আপুনিও ডিচেম্বৰ মাহত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে একো চিন্তা নকৰাকৈ ভ্ৰমণ কৰক তলত উল্লেখ কৰা ভাৰতৰ মনোমোহো এই পাঁচখন ঠাই। হয়, এই ঠাইকেইখনত আপুনি মুক্তভাৱে উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ সৌন্দৰ্য।এই মনোৰম ঠাইকেইখনৰ বিষয়ে আজি জানো আহক-

Advertisment

উত্তৰাখণ্ড

ভাৰতৰ আটাইতকৈ ধুনীয়া ঠাইৰ ভিতৰত অন্যতম উত্তৰাখণ্ড। উত্তৰাখণ্ডক মিনি চুইজাৰলেণ্ড বুলিও আখ্যা দিয়া হয়।যদি আপুনি তুষাৰপাত উপভোগ কৰিবলৈ ভাল পায়, তেন্তে আপুনি ডিচেম্বৰ মাহত ইয়ালৈ যাব পাৰে। ইয়াত আপুনি বহু আমোদজনক কাৰ্যকলাপো কৰিব পাৰিব।একে সময়তে, বৰফৰে আবৃত পৰ্বতৰ সৌন্দৰ্যই আপোনাৰ চকু জুৰ পেলোৱাটোও নিশ্চিত।

গোৱা

গোৱা বহুলোকৰ বাবে এটা সপোনৰ গন্তব্যস্থান। যদি আপুনি শীতকাল বেছি ভাল নাপায়, তেন্তে গোৱা আপোনাৰ বাবে উপযুক্ত। গোৱাত বৰদিন আৰু নৱবৰ্ষ অতি ধুমখীয়াৰে উদযাপন কৰা হয়।সেয়েহে, এই সময়ছোৱাত আপুনি গোৱালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

কেৰালা

কেৰালা হৈছে প্ৰকৃতিপ্ৰেমীৰ বাবে আটাইতকৈ উত্তম গন্তব্যস্থান। কেৰালা 'ৱাটাৰ হাউচবোট'ৰ বাবে অতি বিখ্যাত। এই হাউচবোটত এটা ৰাতি কটোৱাৰ ব্যৱস্থাও আছে। যদি আপুনি এজন প্ৰকৃতি প্ৰেমী তেন্তে বছৰৰ শেষৰ মাহটোত কেৰালা ভ্ৰমণ কৰাটো আপোনাৰ বাবে সঠিক সিন্ধান্ত হ’ব।

মানালী

যিসকলে পাহাৰত খোজ কাঢ়িবলৈ ভাল পায়, তেওঁলোকৰ ভ্ৰমণৰ বাবে মানালী অতি উত্তম স্থান। শীতকালত বৰফে মানালীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে। 

টাৱাং

যদি আপুনি বছৰৰ শেষৰ তথা মতুন বছৰৰ প্ৰথম সময়খিনি কিছু ব্যতিক্ৰম ভাৱে উদযাপন কৰিবলৈ বিচাৰে, তেন্তে উত্তৰ-পূব ভাৰত হৈছে আপোনাৰ বাবে এক অতি ভাল বিকল্প। ইয়াত বহুতো বৌদ্ধ মঠ আছে।তদুপৰি, পৰ্বত-পাহাৰৰে আৱৰা উত্তৰ-পূৱৰ সৌন্দৰ্যই আপোনাৰ যে মন-প্ৰাণ ভৰাই তুলিব, সেয়া নিশ্চিত।

Also Read: বছৰৰ শেষত ভ্ৰমণ কৰক ভাৰতৰ ‘অন্তিম স্থান’