লাভৰ সলনি আপুনি সন্মুখীন হ'ব লাগিব লোকচানৰ

দেৱালীক হিন্দু ধৰ্মৰ এক অতি পৱিত্ৰ উৎসৱ। দেৱালীৰ ঠিক আগতে ধনতেৰাছ উদযাপন কৰা হয়।এই দিনটোত কেতবোৰ বিশেষ সামগ্ৰী ক্ৰয় কৰাটো ঘৰখনৰ বাবে শুভ বুলি গণ্য কৰা হয়।ইফালে, জ্যোতিষ শাস্ত্ৰ মতে এই দিনটোত কিছুমান বস্তু ক্ৰয় কৰাটো একেবাৰে অশুভ।

author-image
Asomiya Pratidin
New Update
লাভৰ সলনি আপুনি সন্মুখীন হ'ব লাগিব লোকচানৰ

ডিজিটেল ডেস্ক: দেৱালীক হিন্দু ধৰ্মৰ এক অতি পৱিত্ৰ উৎসৱ। দেৱালীৰ ঠিক আগতে ধনতেৰাছ উদযাপন কৰা হয়।এই দিনটোত কেতবোৰ বিশেষ সামগ্ৰী ক্ৰয় কৰাটো ঘৰখনৰ বাবে শুভ বুলি গণ্য কৰা হয়।ইফালে, জ্যোতিষ শাস্ত্ৰ মতে এই দিনটোত কিছুমান বস্তু ক্ৰয় কৰাটো একেবাৰে অশুভ। ধনতেৰাছত কি সামগ্ৰী ক্ৰয় কৰাটো অশুভ, আজি সেই বিষয়ে জানো আহক-

Advertisment

কাঁচ 

বিশ্বাস অনুসৰি, এই দিনটোত কেতিয়াও কাঁচৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে।কাঁচক ৰাহুৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই দিনটোত কাঁচৰ সামগ্ৰী ব্যৱহাৰ কৰাটোও সঠিক বুলি গণ্য কৰা নহয়। 

ষ্টীলৰ বাচন 

ধনতেৰাছৰ দিনা ষ্টীলৰ বাচন ক্ৰয় নকৰিব। ষ্টীলৰ সলনি আপুনি তাম বা ব্ৰঞ্জৰ বাচন কিনিব পাৰে। লো 

ধনতেৰাছৰ দিনা লো বা ইয়াৰ দ্বাৰা তৈয়াৰ কৰা যিকোনো বস্তু আপোনাৰ ঘৰলৈ অনাটো উচিত নহয়। এই দিনটোত লো ক্ৰয় কৰিলে ঘৰলৈ দৰিদ্ৰতা আহে আৰু শনিৰ দোষ হয়। 

কৃত্ৰিম গহনা 

বিশ্বাস অনুসৰি এই দিনটোত সোণ, ৰূপ আৰু হীৰাৰ কৃত্ৰিম গহনা ক্ৰয় কৰাটো অশুভ। এনে গহনা ক্ৰয় কৰিলে জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 

ঘিউ, তেলজাতীয় সামগ্ৰী

ধনতেৰাছৰ পৱিত্ৰ উপলক্ষত তেলজাতীয় একো সামগ্ৰী ক্ৰয় কৰিব নালাগে। যদি আপোনাক ধনতেৰাছত তেল বা ঘিউৰ প্ৰয়োজন হয়, তেন্তে ইয়াক আগতীয়াকৈ কিনি থ’ব।

প্লাষ্টিকৰ সামগ্ৰী 

ধনতেৰাছৰ দিনা কোনো প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় নকৰিব। কাৰণ এই দিনটোত উপাসনাত প্লাষ্টিক ব্যৱহাৰ কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। 

তীক্ষ্ণ বস্তু 

আজিৰ দিনটোত চুৰি, কেঁচি আদিৰ দৰে তীক্ষ্ণ বস্তুও ক্ৰয় কৰিব নালাগে। ধনতেৰাছৰ দিনা এনে সামগ্ৰী ক্ৰয় কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু ঘৰত কাজিয়া লগাৰ সম্ভাৱনা বৃদ্ধি হয়।

Also Read: ধনতেৰাছত কোন সময়ত কি কিনিব লাগে জানি লওঁক