ধনতেৰাছত কোন সময়ত কি কিনিব লাগে জানি লওঁক

কাতি মাহৰ অমাৱস্যাত প্ৰতি বছৰে দেৱালী উদযাপন কৰা হয়।দেৱালী পূৰ্বে অতি ধুমধামেৰে উদযাপন কৰা হয় ধনতেৰাছ। কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাছ পালন কৰা হয়।এই পৱিত্ৰ দিনটোত অধিকাংশ লোকেই সোণ, ৰূপ, বাহন তথা ঘৰৰ কেতবোৰ সামগ্ৰী ক্ৰয় কৰে। কিন্তু হিন্দু ধৰ্মত যিকোনো কাম কৰাৰ আগতে শুভ মুহুৰ্তৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়।

author-image
Asomiya Pratidin
New Update
ধনতেৰাছত কোন সময়ত কি কিনিব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: কাতি মাহৰ অমাৱস্যাত প্ৰতি বছৰে দেৱালী উদযাপন কৰা হয়।দেৱালী পূৰ্বে অতি ধুমধামেৰে উদযাপন কৰা হয় ধনতেৰাছ। কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাছ পালন কৰা হয়।এই পৱিত্ৰ দিনটোত অধিকাংশ লোকেই সোণ, ৰূপ, বাহন তথা ঘৰৰ কেতবোৰ সামগ্ৰী ক্ৰয় কৰে। কিন্তু হিন্দু ধৰ্মত যিকোনো কাম কৰাৰ আগতে শুভ মুহুৰ্তৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। এইবাৰ ধনতেৰাছ কেতিয়া আৰু এই দিনটোৰ কোন সময়ত সোণ আৰু ৰূপ ক্ৰয় কৰিব, আজি সেই বিষয়ে জানো আহক-

Advertisment

ধনতেৰাছ কেতিয়া উদযাপন কৰা হ'ব ? 

এই বছৰ ধনতেৰাছ ১০ নৱেম্বৰত উদযাপন কৰা হ'ব। এই দিনটোত ত্ৰয়োদশী তিথি দুপৰীয়া ১২:৩৫ বজাত আৰম্ভ হ'ব আৰু ১১ নৱেম্বৰৰ নিশা ০১:৫৭ বজাত সমাপ্ত হ'ব। 

দেৱী লক্ষ্মীৰ উপাসনা 

ধনতেৰাছত মা লক্ষ্মীৰ উপাসনাৰ পৱিত্ৰ সময় সন্ধিয়া ০৫:৪৭ বজাত আৰম্ভ হ'ব আৰু সন্ধিয়া ০৭:৪৭ বজাত সমাপ্ত হ'ব।

সোণ কেতিয়া কিনিব ? 

এইবাৰ ধনতেৰাছৰ সোণ ক্ৰয় কৰাৰ শুভ সময় হৈছে ১০ নৱেম্বৰৰ নিশা ১২:৩৫ বজাৰ পৰা ১১ নৱেম্বৰৰ পুৱা ০৬:৪০বজালৈ।

ধনতেৰাছৰ গুৰুত্ব 

বিশ্বাস কৰা হয় যে এই দিনটোত সোণ, ৰূপ আৰু পিতলৰ বাচন ক্ৰয় কৰি মা লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰি।এই দিনটোত সন্ধিয়া ঘৰৰ মূল প্ৰৱেশ দ্বাৰত চাকিও জ্বলোৱা হয়। বিশ্বাস অনুসৰি, এই দিনটোত সন্ধিয়া চাকি জ্বলাই অকাল মৃত্যুৰ পৰা হাত সৰাৰ লগতে যমৰাজৰ অত্যাচাৰৰো সন্মুখীন হ'ব লগীয়া নহয়। সেইকাৰণে এই দিনটোক যম বুলিও কোৱা হয়। যম দীপকৰ বাবে এইবাৰ শুভ সময় হৈছে সন্ধিয়া ০৫:৩০ বজাৰ পৰা সন্ধিয়া ০৬:৪৯ বজালৈ। 

Also Read: শনি দোষৰ পৰা নিজকে বচাবলৈ কেতিয়া নখ কাটিব লাগে জানি লওঁক