আইভেটী পকামুৰা দিচিয়াল সত্ৰৰ আইমাতৃ তথা নামতি সুৰবালা মহন্তৰ বিয়োগত শোক...

আইভেটী পকামুৰা দিচিয়াল সত্ৰৰ আইমাতৃ তথা নামতি সুৰবালা মহন্তৰ বিয়োগত শোক...

author-image
Asomiya Pratidin
New Update
আইভেটী পকামুৰা দিচিয়াল সত্ৰৰ আইমাতৃ তথা নামতি সুৰবালা মহন্তৰ বিয়োগত শোক...

আইভেটী পকামুৰা দিচিয়াল সত্ৰৰ আইমাতৃ তথা নামতি সুৰবালা মহন্তৰ বিয়োগত শোক...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী আইভেটী পকামুৰা দিচিয়াল সত্ৰৰ আইমাতৄ তথা নামতি সুৰবালা মহন্তৰ বৃহস্পতিবাৰে নিজ বাসগৃহত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ বিয়োগ হয়। পকামুৰা দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ সুৰেন মহন্তৰ ভাৰ্যা ৬৭ বছৰীয়া আই গৰাকী আইভেটীৰ সকলো সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়োৱাৰ লগতে সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসংগত আগভাগ লৈছিল।

Advertisment

সৰবৰহী, মৰমীয়াল আইমাতৃগৰাকীৰ বিয়োগত বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া সমাজ, আইভেটী পকামুৰা দিচিয়াল সত্ৰৰ ভকত বৈষ্ণৱ, আইমাতৃসকলে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ তিনিজন পুুত্ৰ, বোৱাৰী, দুগৰাকী জীয়ৰী, জোৱাই, নাতি নাতিনীসহ বহু আত্মীয় স্বজন, ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

ক্লিক কৰি পঢ়কঃ কোকৰাঝাৰত কাৰ্যবাহী সদস্য আৰু পাৰিষদ আৱাসৰ বিল্ডিং নিৰ্মাণৰ ভূমি পূজন সম্পন্ন...

পকামুৰা দিচিয়াল সত্ৰ সুৰবালা মহন্ত