/asomiyapratidin/media/media_files/2025/05/21/PSdc59fEVlKerU5s63Cu.jpg)
ডিজিটেল ডেস্ক : আজি যোৰহাটত অনুষ্ঠিত হ’ব অসম ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে প্ৰমুখ্য কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সাংসদ, প্ৰভাৰী তথা কেইবাগৰাকী নেতা উপস্থিত থাকিব।
যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা এই সভাতে বিষয়-বাচনি কৰা হ’ব। তাৰোপৰি এই সভাত উপস্থিত থাকিব বিজেপিৰ ৩৯ খন সাংগঠনিক সভাৰ বিষয়ববীয়াসকল। উল্লেখযোগ্য যে, এই বৈঠকত অনাগত দিনত দলটো কিদৰে আগবাঢ়িব, কেনেদৰে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাব এই ধৰণৰ আলোচনা হ’ব বুলি জানিব পৰা গৈছে।
একেদৰে দেৰগাঁৱত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেটৰ বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক। কেবিনেট বৈঠকত উজনি অসমৰ জিলাসমূহৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।