দেৰগাঁৱত ৰাজ্যিক কেবিনেটৰ বৈঠক : লাচিত বৰফুকন একাডেমীৰ ২য় পৰ্যায়ৰ উন্নয়নৰ বাবে ২২৯কোটি টকাৰ অনুমোদন

বৈঠকত উজনি অসমৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। এই বৈঠক সম্পন্ন হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে

author-image
Asomiya Pratidin
New Update
দেৰগাঁৱত ৰাজ্যিক কেবিনেটৰ বৈঠক

দেৰগাঁৱত ৰাজ্যিক কেবিনেটৰ বৈঠক

ডিজিটেল ডেস্ক : বুধবাৰে দেৰগাঁৱত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

Advertisment

বৈঠকত উজনি অসমৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। এই বৈঠক সম্পন্ন হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। 

আজিৰ এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, অসমলৈ বহুত বৃহৎ‍ উদ্যোগ আৰু প্রতিষ্ঠান আহিছে। যাৰ বাবে বিষয়ববীয়াসকলক প্রয়োজন হৈছে বহু পি এছ অ’ৰ, প্রয়োজনত চৰকাৰে উদ্যোগ অথবা প্রতিষ্ঠানক পি এছ অ’ প্ৰদান কৰিব বুলি জনায়। লগতে কয় যে, পি এছ অ’জনৰ খৰচ সেই প্রতিষ্ঠানে বহন কৰিব লাগিব। তাৰোপৰি পি এছ অ’ লাভৰ বাবে চৰকাৰক ৭৫হাজাৰ টকা দিব লাগিব নিৰ্দিষ্ট প্রতিষ্ঠানটোৱে।

আজিৰ এই বৈঠকত লোৱা আন এক সিদ্ধান্ত হৈছে- মেঘালয়ৰ দৰে অসমতো হ’ব মিউজিক ক’নচাৰ্ট। গুৱাহাটী, ডিব্রুগড়, যোৰহাটত হ’ব এই কনচাৰ্ট ইক’নমি। ডিচেম্বৰ মাহত গুৱাহাটীত হ’ব প্রথমখন কনচাৰ্ট। ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিতব্য কনচাৰ্ট কৰিব পোষ্ট মেলোনে।

ইফালে ১ অক্টোবৰৰ পৰা চাহ বাগিচাত ২৫০টকাকৈ শ্রমিকক মজুৰি দিয়া হ’ব বুলি জনায় ড০ শৰ্মাই। একেদৰে নুমলীগড় শোধনাগাৰত অসম চৰকাৰে ২০৫কোটি টকা বিনিয়োগ কৰিব, কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ খচৰাৰ চূড়ান্ত অধিসূচনা জাৰি, ৪৭,২৯১ হেক্টৰত চূড়ান্ত সীমা নিৰ্ধাৰণৰ কথা অৱগত কৰে। 

প্ৰণিধানযোগ্য যে, ১৯৮৫চনত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ খচৰা প্রকাশ কৰা হৈছিল। কাজিৰঙাৰ পৰা বাহিৰত ৰখা হৈছে বিশ্বনাথৰ কেইবাটাও অঞ্চল। অঞ্চলকেইটা- গোপালঝাৰণি, গোনাইটাপু, ঠুটেচাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট, জবৰে লগতে উমাটুমনিক ষষ্ঠ অনুসূচিৰ পৰা বাহিৰত ৰখা হৈছে। কলিয়াবৰৰ হাতীমূৰা, শিলঘাট, গাখীৰখাটিকো ষষ্ঠ অনুসূচিৰ বাহিৰত ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। 

আনহাতে লাচিত বৰফুকন একাডেমীৰ ২য় পৰ্যায়ৰ উন্নয়নৰ বাবে ২২৯কোটি টকাৰ অনুমোদন জনাই আজিৰ কেবিনেটে। একেদৰে ডিব্রুগড়ত অসম বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে ২৮৪ কোটি টকাৰ অনুমোদন, ডিব্রুগড়ৰ খনিকৰ ষ্টেডিয়ামৰ বাবে ২০৯ কোটি টকাৰ অনুমোদন জনায়। এই ষ্টেডিয়ামত ৩৫ হাজাৰ দৰ্শকে একেলগে বহি খেল চাব পাৰিব আৰু ই হ’ব অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম।

Dr. Himanta Biswa Sarma