ডাম্পাৰৰ চেপাত নিহত এজন
ডাম্পাৰৰ চেপাত নিহত এজন 
মুখ্য-পৃষ্ঠা

মাজবাটত ভয়ংকৰ ঘটনাঃ ডাম্পাৰৰ চেপাত নিহত এজন...

Asomiya Pratidin

ডিজিটেল সংবাদ,ওৰাঙঃ মাজবাটৰ লামাবাৰীৰ গধুলি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ চেপাত নিহত এজন লোক। নিহত লোক জনৰ নাম মিথু মাঝি (৫১) বুলি জানিব পৰা গৈছে।

নিহত মাঝিৰ ঘৰ এন চি ভেলুগুৰি ৰৌতা লাইনৰ মনিৰাম মাঝিৰ পুত্ৰ বুলি জানিব পৰা গৈছে। ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত চকাৰ তলত সোমামগৈ লোক জন। ধনশ্ৰীৰ পৰা মাজবাট অভিমুখী AS 27 C 3868 নম্বৰৰ ডাম্পাৰে মহতিয়াই নিয়ে লোক জনক।

ডাম্পাৰৰ চকাৰ তলত পৰা স্থানীয় লোকে উদ্ধাৰ কৰে নিহত মাঝিক। মাজবাট আৰক্ষীয়ে মাজবাট থানালৈ লৈ আহে নিহত মিথু মাঝিৰ মৃতদেহ। সম্প্ৰতি দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ সহ চালকক মাজবাট আৰক্ষী থানাত।

আৰু পঢ়কঃ সমবায় বিভাগৰ অতিৰিক্ত পঞ্জীয়ক আৰু উপ-পঞ্জীয়কক ৰদ-বদল