/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d45e1bdb-c8a9-4c20-acfd-aea215484ea8/co_oparative_21.jpg)
সমবায় বিভাগৰ অতিৰিক্ত পঞ্জীয়ক আৰু উপ-পঞ্জীয়কক ৰদ-বদল
ডিজিটেল ডেস্কঃ সমবায় বিভাগৰ (পাৰ্বত্য) ডিফুৰ অতিৰিক্ত পঞ্জীয়ক বিনোদ কুমাৰ আগৰৱালাক বদলি কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ দায়িত্বত থকা বিষয়াগৰাকীক বদলি কৰা হৈছে সমবায় বিভাগৰ (সাধাৰণ) মুখ্য কাৰ্যালয়লৈ।
২১ নৱেম্বৰ ২০২২ ত এই নিৰ্দেশত স্বাক্ষৰ কৰিছে বিভাটোৰ অতিৰিক্ত মুখ্য সচিব মুনিন্দ্ৰ সিঙে। একেটা নিৰ্দেশতে গুৱাহাটী মুখ্য কাৰ্যালয়ত কৰ্মৰত অতিৰিক্ত পঞ্জীয়ক কবিতাৰাণী দাসক বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদলৈ বদলিৰ নিৰ্দেশ দিছে।
আনহাতে কাৰ্বি আংলঙত কৰ্মৰত উপ-পঞ্জীয়ক মোহন টেৰণক কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ অতিৰিক্ত পঞ্জীয়কৰ দায়িত্ব দিছে। এই বদলিৰ নিৰ্দেশ দায়িত্বভাৰ গ্ৰহণ কৰাৰ দিনটোৰ পৰাই কাৰ্যকৰী হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c227bc55-c133-4ce5-b7e1-43b86bc869a8/592f4b14_f4d1_4804_bbea_05b05da7efba.jpg)
ক্লিক কৰি পঢ়কঃ পত্নীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিলে নবিবাহিত মুনজিতে !