/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a3baa6f7-ea52-4515-8495-7cf0991cd659/dhemaji_23.jpg)
ধেমাজিত ১২২০.২১ কোটি টকাৰ আঁচনিৰ শিলান্যাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...
ডিজিটেল সংবাদ ধেমাজিঃ 'পাঁচ বছৰৰ পূৰ্বে ধেমাজি বান বিধস্ত জিলা ৰূপে বিখ্যাত আছিল, কিন্ত আজি ধেমাজিত অভিযান্ত্ৰিক মহাবিদ্যালয় হ'ল, পলিটেকনিক কলেজ হ'ল, সৰ্বভাৰতীয় পৰ্যায়ত কৃষি গৱেষণা প্ৰতিষ্ঠান হ'ল, তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰ হ'ল আৰু আজি ধেমাজি মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এতিয়া ধেমাজি বানৰ বাবে নহয় উন্নয়নৰ বাবে বিখ্যাত হ'ব।'- এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷
শুকুৰবাৰে পুৱা ১১.৩০ বজাত ধেমাজি কাছাৰী ময়দানত সহস্ৰাধিক লোকৰ উপস্থিতিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি ধেমাজিত ১২২০.২১ কোটি টকাৰ ১৭ টা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ শিলান্যাস- উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, ঐতিহাসিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সকলো দিশৰ পৰাই ধেমাজিৰ গৌৰৱোজ্জ্বল ঐতিহ্য, ভৌগোলিক গুৰুত্ব আৰু বিশেষত্ব আছে ।
অসমৰ প্ৰায় সকলো জনগোষ্ঠীৰ মিলন ক্ষেত্ৰই হৈছে ধেমাজি জিলা। য'ত আহোম, চুতীয়া, মিচিং, মৰাণ, মটক, দেউৰী, সোণোৱাল কছাৰী, আদিবাসী, বড়ো, ৰাভা, হাজং, তিৱা, লালুং, চাহ জনগোষ্ঠী, গোর্খা, ব্রাহ্মণ, কায়স্থ, কৈৱৰ্ত প্ৰমুখ্যে সকলো জাতি-জনগোষ্ঠীৰ লোকে অতীজৰে পৰা মিলা-প্ৰীতিৰে বসবাস কৰি আহিছে।
তেওঁ কয়, আহোমসকলৰ আগমনৰ পূৰ্বে খ্ৰীষ্টিয় অষ্টম শতিকাৰ পৰা এই অঞ্চলটো চুতীয়াসকলৰ ইতিহাস প্রসিদ্ধ কুণ্ডীল ৰাজ্যৰ অন্তৰ্গত আছিল বুলি বুৰঞ্জীবিদসকলে মত প্ৰকাশ কৰিছে। এই ৰাজ্যৰে এগৰাকী ৰজাই প্রসিদ্ধ মালিনী থান স্থাপন কৰিছিল।
আজি মালিনী থান ধেমাজি জিলাৰ অন্তর্গত নহ'লেও এই জিলাৰ সীমাতে থকা বাবে এই ঐতিহাসিক তীর্থক্ষেত্রই ধেমাজি জিলাৰো গৌৰৱ বৃদ্ধি কৰি আহিছে। ইয়ালৈ নিয়মীয়াকৈ বহু তীর্থযাত্ৰী আহি অসমৰ প্ৰায় একাদশ শতিকাৰে এই চহকী স্থাপত্য-কলা-ভাস্কৰ্য আৰু ধৰ্মীয় ঐতিহ্য দেখি মুগ্ধ হয়।
আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চ্যুকাফাই ১২৪০ খ্রীষ্টাব্দত ধেমাজি জিলাৰ হাবুঙত দ্বিতীয় ৰাজধানী স্থাপন কৰিছিল। ইয়াত চাৰি বছৰমান থাকি বানপানীৰ বাবে অসুবিধা পাই চৰাইদেউলৈ উঠি গৈছিল। অসম চৰকাৰ, জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত হাবুং আজি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।
ই ৰাজ্যখনৰ সমৃদ্ধ ইতিহাসকো সোঁৱৰাই আহিছে। অষ্টমগৰাকী আহোম সম্রাট চ্যু-ডাং-ফা বা বামুণী কোঁৱৰৰ জন্ম ধেমাজি জিলাৰ হাবুং অঞ্চলতে হৈছিল। তেখেতৰ সময়ৰে পৰা আহোম ৰাজপৰিয়ালত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল। তেখেতে নিজৰ মাকৰ পৱিত্ৰ স্মৃতিত স্থাপন কৰা ঘুগুহা দৌলে আজিও ইয়াৰ প্ৰাচীন ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি আছে।
ইয়াৰ উপৰি দেওবাৰী গাঁৱৰ মা-মণিপুৰী থান, মাছখোৱাৰ ৰজাগড়, জোনাইৰ ৰজাখনা পুখুৰী, ৰুক্মিণী আলি আদিয়েও জিলাখনৰ প্ৰাচীন ঐতিহ্যৰ সাক্ষী হৈ আজিও জিলিকি আছে। জিলাখন প্রাকৃতিক সৌন্দৰ্যৰেও ভৰপূৰ জীয়াচলমুখ, বালিপৰা, ডিমৌ, চিলাপথাৰ ৷ ধেমাজি ব্ৰিটিছ আমোলৰ পৰা লখিমপুৰ জিলাৰ অন্তৰ্গত আছিল যদিও স্বাধীনতাৰ পিছত ১৯৫৬ চনত ধেমাজিত এগজিকিউটিভ অফিচ স্থাপন কৰা হয়।
১৯৭১ চনত ধেমাজি মহকুমালৈ উন্নীত হোৱা ধেমাজি ১৯৮৯ চনত পূর্ণাঙ্গ জিলা হিচাপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা হৈছে ৬,৮৮,০৭৭ জন। এই ঐতিহ্যমণ্ডিত ঠাইখনৰ সৰ্বাত্মক বিকাশ আমাৰ ৰাজ্য চৰকাৰৰ এক অন্যতম অগ্রাধিকাৰ দি ধেমাজি অসমৰ আটাইতকৈ উন্নত জিলাৰ তালিকাত অন্তৰ্ভুক্তি কৰিবলৈ সিদ্ধান্ত কৰাৰ কথা উল্লেখ কৰে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে, যোৱা ৫ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা 'বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচীৰ অধীনত ধেমাজি জিলাত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৬০৫. ২৪ কোটি টকা ব্যয়েৰে ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্ত:গাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ সামান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে ৪৯.৮৯ কোটি টকাৰে ধেমাজি সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে।
ইয়াৰোপৰি তেওঁ ৫০. ৫৩ কোটি টকাৰ দেউৰীবিলত জিলা ক্রীড়া প্ৰকল্পৰ আধাৰশিলা, ১২.৩৬ কোটি টকাৰে চিলাপথাৰত ৰাজীৱ গান্ধী ক্রীড়া প্রবন্ধ (মিনি স্টেডিয়াম)ৰ আধাৰশিলা, ৫.০৩ কোটি টকাৰে ধেমাজি চৰকাৰী উদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান (আই টি আই)ক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ কাৰিকৰী পৰীক্ষাগাৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।
ধেমাজি চৰকাৰী পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীত কৰনৰ বাবে কৰ্মশালা আৰু কাৰিকৰী পৰীক্ষাগাৰ নির্মাণ কাৰ্যৰ আধাৰশিলা, ২৭৩.৫০ কোটি টকাৰে ঢকুৱাখনাৰ পৰা বুটিকুৰ হৈ তেলীজানলৈ ৩২.৬৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ উন্নীতকৰণ আঁচনিৰ আধাৰশিলা, ১৯.৭৬ কোটি টকাৰে আমগুৰি (লুটাচুৰ)ৰ পৰা চিচিকলঘৰলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মথাউৰিৰ ওপৰেৰে ৭.৪৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলাও স্থাপন কৰে।
আনহাতে ১৫.০৯ কোটি টকাৰে ধেমাজি চাৰিআলিৰ পৰা অসামৰিক চিকিৎসালয় বঙালমাৰী (বটুৱামিৰি) হৈ দুসুঁতিমুখলৈ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা, ১৩.৪৭ কোটি টকাৰে ধেমাজি ৰেলৱে ষ্টেচনৰ ফিদাৰ পথৰ থানা তিনিআলিৰ পৰা জামুগুৰি পাঁচআলি শাস্তিপুৰ হৈ আনিকলীয়ালৈ ৫.৫০ কিঃমিঃ দৈর্ঘ্যৰ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।
১০ কোটি টকাৰে ধেমাজিৰ কাৰিচুক তিনিআলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ নতুনকৈ নিৰ্মাণ কৰা ৭.৮০ কিঃমিঃ দৈৰ্ঘ্যৰ পথৰ শুভ উদ্বোধন, ৮.৭৫ কোটি টকাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিলিখাগুৰিৰ পৰা লক্ষীপথাৰলৈ নতুনকৈ নিৰ্মাণ কৰা পথো উদ্বোধন কৰে।
ইয়াৰোপৰি ৪৯.৪৯ কোটি টকাৰে অকাজান লিকাবালি নিলখ পথৰ গাইনদীৰ ওপৰত ৪৮০ মিটাৰ দৈৰ্ঘাৰ দলং আৰু পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন, ১৮.৬৮ কোটি টকাৰে চিচিকলঘৰৰ পৰা দেউৰীঘাটলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে ৭.৩ কিঃমিঃ দৈর্ঘ্যৰ পথ নিৰ্মাণ কাৰ্যৰ ভূমিপূজন, ৩০.৭৯ কোটি টকাৰে সোণাৰি গাঁৱৰপৰা নিজ মূৰলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণ কাৰ্যৰ ভূমিপূজন, ৪৩.৮৭ কোটি টকাৰে মেচাকি, জয়ৰামপুৰ, গালি আৰু বুটিকুৰত একোটাকৈ নতুন ৩৩/১১ কেভিৰ বিদ্যুৎ উপকেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু ৮.৬৬ কোটি টকাৰে বালিজানত নতুন ৩৩/১১ কেভি (২০১০) এম ভি এ জি আই এছ বিদ্যুৎ উপকেন্দ্ৰৰ শুভ উদ্বোধন কৰে ৷
এই উপলক্ষে আজি ধেমাজি কাছাৰী ময়দানত দিনৰ ১২ বজাত বিশাল জনসভাত তেওঁ একেলগে এই আঁচনি কেইখনৰ শিলান্যাস, ভূমিপূজন আৰু উদ্বোধন কৰে । আদৰণী ভাষন প্ৰদান কৰে ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুয়ে ৷
আজিৰ অনুষ্ঠানত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, বড়ো কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিৰ নেশ্বৰ বসুমতাৰী, দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফনিধৰ বৰুৱা আদি উপস্থিত থাকে ৷
ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ধেমাজিৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মহাবীৰ লাচিত বৰফুকনৰ এটা প্ৰতিমূৰ্তিৰো শুভ উদ্বোধন কৰে ৷ তাৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰী ড° শৰ্মাই ধেমাজি নলনীপামস্থিত টাউন হাইস্কুলৰ কাষতে থকা নৱনিৰ্মীত ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়টোৰ ফিটা কাটি উদ্বোধন কৰে ৷
As part of our 'A Fortnight for Development' initiative, inaugurated, performed bhumi pujan & laid foundation stones for 20 projects worth ₹1220.21 cr in Dhemaji district.
Foundation stones
✅Medical College & Hospital
✅Integrated DC Office
✅District Sports Stadium Complex pic.twitter.com/aikuOtm0zv— Himanta Biswa Sarma (@himantabiswa) December 23, 2022
ক্লিক কৰি পঢ়কঃ অখ্যাত বলাৰে এটা অভাৰতে খহাই দিছিল বিশ্ব ক্ৰিকেটৰ বেষ্ট বেটিং লাইনআপ...