অখ্যাত বলাৰে এটা অভাৰতে খহাই দিছিল বিশ্ব ক্ৰিকেটৰ বেষ্ট বেটিং লাইনআপ...

অখ্যাত বলাৰে এটা অভাৰতে খহাই দিছিল বিশ্ব ক্ৰিকেটৰ বেষ্ট বেটিং লাইনআপ...
অখ্যাত বলাৰে এটা অভাৰতে খহাই দিছিল বিশ্ব ক্ৰিকেটৰ বেষ্ট বেটিং লাইনআপ...

তুষাৰ প্ৰতিম

আই পি এলৰ নিলাম চলি আছে। ভাৰতৰ ফুটবল দলে ফিফা বিশ্বকাপত খেলাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও বিগত প্ৰায় ২ টা মাহ ফুটবলৰ জ্বৰত আক্ৰান্ত হৈ আছিল ভাৰত। ফুটবল জ্বৰত আক্ৰান্ত ভাৰতীয়ই উপশম পালে যদিও এতিয়া আকৌ ভাৰতীয়ৰ দেহত দেখা দিছে আই পি এলৰ জ্বৰ !

হয়, আহি আছে আই পি এল। আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে আজি চলি আছে নিলাম প্ৰক্ৰিয়া। আই পি এলৰ জ্বৰ আৰম্ভ হোৱাৰ সময়তে আজি আপোনালোকলৈ লৈ আহিছো ক্ৰিকেটৰ এটা বিশেষ ঘটনা।

ক্ৰিকেটত বেটছমেনৰ সপোন চেঞ্চুৰী ! বলাৰৰ হেট্ৰিক ! নিজস্ব প্ৰদৰ্শনেৰে মেচত উজলি উঠাৰ হাবিয়াস সকলোৰে থাকে। মেচ উইনাৰ হোৱাৰ গৌৰৱৰ অধিকাৰী হ'বলৈ বাৰু কাৰ ইচ্ছা নাযায় ?

এগৰাকী বলাৰক ভাল বলাৰ বা মহান বলাৰ বুলি স্বীকৃতি দিবলৈ হ'লে প্ৰয়োজনীয় যোগ্যতা বা দক্ষতা কি কি হ'ব লাগিব? নিশ্চিতভাৱে তেওঁৰ কেৰিয়াৰত অৰ্জন কৰা সফলতাসমূহ!

যদি এগৰাকী তেনেই সাধাৰণ বলাৰে বিশ্বৰ শ্ৰেষ্ঠ বেটছমেনক এটা বলতেই পেভিলিয়নলৈ পঠিয়াই দিব পাৰে তেনে সেই সাধাৰণ বলাৰজনক কি বুলি ক'ব? যদি সেই মহান বেটছমেনজন সাধাৰণ বলাৰ জনৰ ওচৰত আউট হোৱাটো কাকতলীয় বুলি কয়, তেনে সেই একেজন বলাৰেই এটা অভাৰত বিশ্বৰ চাৰিজন শক্তিশালী বেটছমেনক আউট কৰি দিয়ে তেতিয়া? সেই বেটছমেন কেইজনৰ এজন যদি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ হয় ! এজন যদি 'দ্যা ৱাল' হিচাপে খ্যাত ৰাহুল দ্ৰাবিড় হয় তেতিয়া!

বিশ্ব ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা বলাৰৰ সংখ্যা খুব কম নহয়। বহু বলাৰে হেট্ৰিক অৰ্জন কৰিছে। কিন্তু একেটা অভাৰত চাৰিটা বলত চাৰিটা উইকেট লাভ কৰা খুব কমেই নহয় আঙুলিৰ মূৰত লেখিব পৰাকৈ আছে।

১৯৯৬ চনত ১৫০ বছৰৰতকৈয়ো অধিক সময়ৰ পিছত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সংঘটিত হৈছিল এনে এক ঘটনা। য'ত বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিচিত চাৰিজন ভাৰতীয় বেটছমেনক চাৰিটা বলত আউট কৰিবলৈ সক্ষম হৈছিল এজন ইংলেণ্ডৰ বলাৰে।

যদি পঞ্চমটো বলত উইকেট ৰক্ষকগৰাকীয়ে শূন্যতে বলটো ধৰিবলৈ পাৰিলে হয় তেনে পাঁচটা বলত পাঁচটা উইকেট দখল কৰা প্ৰথম আৰু একমাত্ৰ বলাৰ ৰূপে পৰিগণিত হ'ল হয় তেওঁ। সেয়া আছিল ১৯৯৬ চনত ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণ কৰাৰ সময়ৰ কথা।

ভাৰতীয় ক্ৰিকেট দলত সেইবাৰ 'দ্যা ৱাল' হিচাপে পৰিচিত ৰাহুল দ্ৰাবিড় আৰু 'দাদা' হিচাপে পৰিচিত সৌৰভ গাংগুলীৰ যুটীয়ে টেষ্টত আত্মপ্ৰকাশ কৰিছিল। সেইবছৰৰ ৬ জুনৰ পৰা আৰম্ভ হৈছিল দুয়োখন দেশৰ মাজত ৩ খন টেষ্ট শৃংখলা মেচ।

প্ৰথমখন টেষ্টত ভাৰত ইংলেণ্ডৰ হাতত পৰাজয় স্বীকাৰ কৰাৰ পিছত দ্বিতীয়খন টেষ্টত সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ৰ যুটীয়ে আত্মপ্ৰকাশ কৰিছিল। এইখন টেষ্টত ভাৰতে ইংলেণ্ডক পৰাজিত কৰিছিল।

যাৰ বাবে শৃংখলাটোত ভাৰতে ক্ষমতা স্থাপন কৰিছিল। বাকী আছিল অন্তিমখন টেষ্ট। টেষ্ট শৃংখলাটোৰ অন্তিম তথা নিৰ্ণায়ক টেষ্টখন ৪ জুলাইৰ পৰা ৯ জুলাইলৈ নাটিংহামত অনুষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে আকৌ টীম ইণ্ডিয়াই Southampton ত Hampshire লগত তিনিদিনীয়া এক অনুশীলন মেচত অংশগ্ৰহণ কৰিছিল।

এই মেচখনতেই সংঘটিত হৈছিল এক বৃহৎ অঘটন। Hampshire বিৰুদ্ধে অনুষ্ঠিত হোৱা এই অনুশীলন মেচত টীম ইণ্ডিয়াই অধিনায়ক আজাহাৰৰ অবিহনে খেলপথাৰত নামিবলগীয়া হৈছিল। ভাৰপ্ৰাপ্ত অধিনায়কৰ ভূমিকাত আছিল শচীন তেণ্ডুলকাৰ।

Hampshire য়ে টছত জয় লাভ কৰি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই। সেইবাৰ গোটেই ভ্ৰমণৰ কালছোৱাত ফ্লপ ৰূপে বিবেচিত হোৱা অজয় জাদেজা আৰু বিক্ৰম ৰাথোৰে অপেনিং কৰি ১৯২ ৰানৰ এক বৃহৎ অপেনিং কৰিবলৈ সক্ষম হৈছিল।

দিনৰ আহাৰ বিৰতিৰলৈকে সকলো ঠিকেই আছিল। ইংলেণ্ডৰ বলাৰে ত্ৰাহি মধুসূদন সোঁৱৰিবলৈ বাধ্য হৈছিল। আহাৰ বিৰতিৰ পিছতেই Hampshire ৰ অধিনায়কে কেভান জেমছ নামৰ এগৰাকী অখ্যাত বলাৰৰ হাতত বল তুলি দিছিল।

আচলতে মূল বলাৰসকলক বিশ্ৰাম দিয়াই আছিল Hampshire দলৰ অধিনায়কৰ লক্ষ্য। ৩৫ বৰ্ষীয় কেভান জেমছে তেওঁৰ গোটেই কেৰিয়াৰত কৰা প্ৰদৰ্শন ইমান উন্নত নাছিল যিমান উন্নত হ'লে ইংলেণ্ডৰ মূল দলত স্থান লাভ কৰিবলৈ সক্ষম হয়।

কেভান জেমছে হাতত বলটো লৈ প্ৰথম বলতে অজয় জাদেজাক আউট কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে জাদেজাক আউট কৰাত জেমছৰ বলিংৰ বিশেষ ভূমিকা নাছিল, জাদেজাৰ ভুল শ্বট নিৰ্বাচন হে আছিল তেওঁ আউট হোৱাৰ মূল কাৰণ।

জাদেজাৰ পিছতেই আহিল গাংগুলী। জেমছে দ্বিতীয়টো বল কৰাৰ সময়ত তেওঁৰ সন্মুখত আছিল বিক্ৰম ৰাথোৰ। ৯৫ ৰাণ কৰি থকা ৰাথোৰক জেমছে তেওঁৰ দ্বিতীয়টো বলত আউট কৰি পেভিলিয়নলৈ পঠিয়াই দিলে।

হেট্ৰিক অৰ্জনৰ আশাত তৃতীয় বল দিবলৈ সাজু হ'ল জেমছ। তেওঁৰ সন্মুখত শচীন তেণ্ডুলকাৰ। জেমছৰ বলত শচীনৰ বেটত স্পৰ্শ কৰিলে আৰু বল শ্বৰ্ট লেগত থকা যুৱ খেলুৱৈ জেচন লেনীৰ হাতত পৰিলগৈ।

সকলোকে আচৰিত কৰি শচীনো পেভিলিয়নলৈ উভতি গ'ল। হেট্ৰিক অৰ্জন কৰিলে কেবান জেমছে। লগে লগে ষ্টেডিয়ামত বিৰাজ কৰিলে মৌনতা। সকলো আচৰিত। Hampshire ৰ অন্যান্য খেলুৱৈসকলে জেমছক হেট্ৰিক অৰ্জনৰ বাবে শুভেচ্ছা জনোৱাৰ পৰিবৰ্তে সকলোৱে আচৰিত হৈ হাঁহিবলৈ হে আৰম্ভ কৰিছিল।

তাৰ মাজতে খেল পথাৰলৈ আহিল 'দ্যা ৱাল' ৰাহুল দ্ৰাবিড়। কিন্তু এয়া কি? জেমছৰ তীব্ৰ বলে গৈ 'দ্যা ৱাল'ৰ ভৰিত স্পৰ্শ কৰিলে। এল বি ডব্লিউ। দুয়োখন হাতেৰে নিজৰ মুখ লুকুৱাই জেমছে তেওঁৰ এই সফলতাত আনন্দ প্ৰকাশ কৰিলে। লিখা হ'ল এক ইতিহাস। চাৰিটা বলত চাৰিটা উইকেট।

জেমছৰ পঞ্চমটো বলত সন্মুখত সৌৰভ গাংগুলী। জেমছৰ বলে সৌৰভ গাংগুলীৰ বেটত স্পৰ্শ কৰিলে‌ উইকেট ৰক্ষক গৰাকীয়ে বলটো শূন্যতে ধৰিবলৈ চেষ্টা কৰিলে যদিও বিফল হ'ল।

যদি উইকেট ৰক্ষক গৰাকীয়ে বলটো শূন্যতে ধৰিবলৈ পাৰিলেহেঁতেন তেনে পাঁচটা বলত পাঁচ উইকেট দখল কৰা প্ৰথমজন বলাৰ ৰূপে পৰিগণিত হ'ল হয় কেভান জেমছ। এইদৰেই বিশ্ব ক্ৰিকেটৰ বাবে অচিনাকী কেভান জেমছ এটা অভাৰৰ পিছতেই সকলোৰে বাবে চিনাকি হৈ পৰিছিল।

মাত্ৰ এটা অভাৰৰ প্ৰথম চাৰিটা বলতেই বিশ্বৰ বেষ্ট বেটিং লাইনাপৰ উইকেটত খহনীয়াৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কোন নাছিল সেই চাৰিটা উইকেটত! এগৰাকী বলাৰৰ বাবে সেই চাৰিটা উইকেটৰ নাম কেইটাই যথেষ্ট আছিল।

শচীন, দ্ৰাবিড়, জাদেজা, ৰাথোৰ। এইগৰাকী কেভান জেমছে ইয়াৰ পিছৰ দিনাখন বেটিং ক্ৰমৰ ৪ নং স্থানত ক্ৰিজলৈ নামি ১০৩ ৰানৰ এক শতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল।

কিন্তু এইগৰাকী ক্ৰিকেটাৰে তেওঁৰ কেৰিয়াৰত কেতিয়াও ইংলেণ্ডৰ জাতীয় দলৰ হৈ খেলিবলৈ সুযোগ লাভ নকৰিলে। কাৰণ তেওঁ কেৰিয়াৰত এনে প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল যাৰ জৰিয়তে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব পাৰি।

কেৱল এখন মেচত প্ৰদৰ্শন কৰা প্ৰতিভাক কেন্দ্ৰ কৰি ইংলেণ্ডৰ জাতীয় দলত স্থান লাভ কৰিবলৈ নোৱাৰি। এইগৰাকী কেভান জেমছে পৰবৰ্তী সময়ত ক্ৰিকেট এৰি সংবাদ প্ৰতিষ্ঠান বি বি চিৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিছিল।

২০০৪ চনত গাংগুলীৰ নেতৃত্বত ইংলেণ্ড ভ্ৰমণ কৰা ভাৰতীয় দলৰ সংবাদ মেলত সাংবাদিক ৰূপে অংশগ্ৰহণ কৰিছিল। কেভান জেমছ সেই সংবাদ মেলত উপস্থিত থকা অন্যান্য সাংবাদিকৰ সাধাৰণ এগৰাকী সাংবাদিক আছিল যদিও সংবাদ মেলত অংশলোৱা গাংগুলীৰ বাবে আছিল এজন অসাধাৰণ ক্ৰিকেটাৰ।

২০০৪ৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত গাংগুলীৰ মনলৈ বাৰে বাৰে আহিছিল ১৯৯৬ চনৰ সেই বিশেষ অভাৰটোৰ কথা। সেই বিশেষ বলাৰজনৰ কথা। সংবাদ মেলখন সময়ত আৰম্ভ হ'ল।

আন সাংবাদিকৰ লগতে কেভান জেমছেও সময়ত থিয় হৈ নিজৰ পৰিচয় দিলে আৰু তেওঁৰ প্ৰশ্ন উত্থাপন কৰিলে। লগে লগে সংবাদ মেলত উপস্থিত থকা বিশ্বৰ সাংবাদিৰসকলক আচৰিত কৰি গাংগুলীয়ে চিঞঁৰি দিলে- কেভান জেমছ চাৰিটা বলত চাৰিটা উইকেট দখল কৰা বলাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in