যিকোনো সময়ত যিকোনো খাদ্য গ্ৰহণ কৰোতে সচেতন হ’ব

কিন্তু গ্ৰীষ্মকালত কাঠবাদাম খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হব পাৰে। আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
যিকোনো সময়ত যিকোনো খাদ্য গ্ৰহণ কৰোতে সচেতন হ’ব

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত সাধাৰণতে বেমাৰে অতি সহজেই আমাৰ শৰীৰক আক্ৰমণ কৰিব পাৰে। এই সময়ছোৱাত যদি খোৱাৰ ক্ষেত্ৰত খেলি-মেলি হয়, তেনেহ'লে শৰীৰত বিভিন্ন সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে।বহু লোকৰে ৰাতিপুৱা শুই উঠি তিয়াই থোৱা কাঠবাদাম খোৱাৰ অভ্যাস আছে। বাদামক প্ৰ'টিন, আঁহ, মেগনেছিয়াম, ভিটামিনৰ বাবে স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু গ্ৰীষ্মকালত কাঠবাদাম খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হব পাৰে। আজি সেই বিষয়ে জানো আহক-

Advertisment

১) গ্ৰীষ্মকালত সকলোৱে এনে খাদ্য পৰিহাৰ কৰিব লাগে, যিবোৰ খালে শৰীৰৰ তাপ বৃদ্ধি হয়।  কাঠবাদামকো শৰীৰৰ বাবে গৰম বুলি বিবেচনা কৰা হয়। সেয়েহে গৰমৰ দিকেইটাত পৰাপক্ষত বাদাম কমাই খোৱাটোয়েই স্বাস্থ্যৰ বাবে উপকাৰী।

২) গ্ৰীষ্মকালত অধিক কাঠবাদাম খোৱাৰ ফলত শৰীৰত কেলৰিৰ পৰিমাণ বৃদ্ধি হয়।ফলত চৰ্বিও বৃদ্ধি হয়। শৰীৰত এই দুটাৰ পৰিমাণতকৈ অধিক হোৱাৰ লগে লগে ওজন বাঢ়িবলৈ আৰম্ভ কৰে আৰু ব্যক্তিজন অধিক ভোকতুৰ হৈ পৰে।সেয়েহে ,গ্ৰীষ্মকালত অত্যাধিক বাদাম খোৱাটো পৰিহাৰ কৰিব লাগে। 

৩) গ্ৰীষ্মকালত অধিক কাঠবাদাম খালে শৰীৰত আঁহৰ পৰিমাণ বৃদ্ধি হয়। যিয়ে হজম শক্তিক প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত পেট ফুলা, কোষ্ঠকাঠিন্য, বদহজম আৰু পেটৰ বিকাৰৰ দৰে সমস্যাবোৰেও ব্যক্তিজনক আমনি কৰিবলৈ আৰম্ভ কৰে।

৪) কাঠবাদামত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। সেয়েহে বেছিকৈ কাঠবাদাম গ্ৰহণ কৰিলে শৰীৰত ভিটামিন-ই-ৰ পৰিমাণ বৃদ্ধি হয়। যাৰ ফলত কোনো ব্যক্তিয়ে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰাৰ লগতে ডায়েৰিয়াৰ দৰে সমস্যাত ভোগাৰো সম্ভাৱনা থাকে।

৫) যদি এজন ব্যক্তিয়ে গ্ৰীষ্মকালত অধিক কাঠবাদাম খায়, তেনেহ'লে তেওঁৰ ছালৰ সমস্যা হোৱাটো নিশ্চিত। এই সমস্যাসমূহৰ ভিতৰত মুখত ৰঙা দাগ, শালমন আদি অন্যতম।

৬) যদি আপুনি শীতকালত কেঁচা কাঠবাদাম খায়, গ্ৰীষ্মকালত নাখাব। গ্ৰীষ্মকালত কেঁচা কাঠবাদাম খোৱাৰ ফলত শৰীৰত তাপ সৃষ্টি হয়।যিয়ে হজম আৰু পাকস্থলীৰ সমস্যাৰ সৃষ্টি কৰে। যদি অধিক কাঠবাদাম খোৱাৰ সময়ত আপোনাৰ পেট ফুলি উঠে, তেনেহ'লে ইয়াক সীমিত পৰিমাণে খোৱাটোৱে বহুতো সমস্যাৰ পৰা সকাহ দিয়ে।

Also Read: চালাডৰ গ্ৰহণৰ ক্ষেত্ৰত সচেতন হওঁক, অন্যথা হ’ব পাৰে স্বাস্থ্যৰ গুৰুতৰ ক্ষতি