চালাডৰ গ্ৰহণৰ ক্ষেত্ৰত সচেতন হওঁক, অন্যথা হ’ব পাৰে স্বাস্থ্যৰ গুৰুতৰ ক্ষতি

দৰাচলতে, চালাড খোৱাৰ যিমান লাভালাভ আছে, তাতকৈ বেছি অসুবিধাও আছে।যিসমূহ আয়ুৰ্বেদত উল্লেখ কৰা হৈছে। আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
চালাডৰ গ্ৰহণৰ ক্ষেত্ৰত সচেতন হওঁক, অন্যথা হ’ব পাৰে স্বাস্থ্যৰ গুৰুতৰ ক্ষতি

ডিজিটেল ডেস্ক: ডায়েটিং কৰা লোকসকলে সাধাৰণতে যথেষ্ট পৰিমাণে চালাড গ্ৰহণ কৰে। ইয়াৰ কাৰণ হৈছে চালাডে আমাৰ শৰীৰত প্ৰ'টিন, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে। কিন্তু কেতিয়াবা বৃহৎ পৰিমাণে আঁহ সমৃদ্ধ খাদ্য খোৱাটোয়েও স্বাস্থ্যৰ ওপৰত বিৰুপ প্ৰভাৱ পেলাব পাৰে। দৰাচলতে, চালাড খোৱাৰ যিমান লাভালাভ আছে, তাতকৈ বেছি অসুবিধাও আছে।যিসমূহ আয়ুৰ্বেদত উল্লেখ কৰা হৈছে। আজি এই বিষয়ে জানো আহক-

Advertisment

অন্ত্ৰৰ স্বাস্থ্য প্ৰভাৱিত কৰে

চালাডে অন্ত্ৰৰ স্বাস্থ্যক প্ৰভাৱিত কৰে। অন্ত্ৰয়ে খাদ্যৰ পৰা পুষ্টি গ্ৰহণ কৰি বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়াত সহায় কৰে। ই সঠিকভাৱে কাম কৰিব নোৱাৰিলে পেটৰ বিষ, কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাই দেখা দিয়ে।

এইসকলৰ বাবে চালাড উপযোগী নহয়

সৰু ল'ৰা ছোৱালীক চালাড হিচাপে তিয়ঁহ আৰু বিলাহী খাবলৈ দিব নালাগে।শিশুৰ স্বাস্থ্যৰ বাবে চালাডত তিঁয়হ আৰু বিলাহী খোৱাটো ভাল নহয় । এয়া পিছে আমি কোৱা কথা নহয়, এই কথা স্পষ্ট কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে।

চালাড গৰ্ভৱতী মহিলাসকলে পৰিহাৰ কৰিব লাগে

খাদ্য বিশেষজ্ঞসকলৰ মতে, কেঁচা চালাড অৰ্থাৎ বিলাহী, তিয়ঁহ, পিয়াজ আদি খালে গৰ্ভৱতী মহিলাৰ শৰীৰত প্ৰদাহ হ'ব পাৰে। এনে পৰিস্থিতিত, চালাড খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুৱেই দৰকাৰী।

ৰাতি ভুলতো চালাড নাখাব

খাদ্য বিশেষজ্ঞসকলৰ মতে, খাদ্য খোৱাৰ আধা ঘণ্টাৰ আগতে চালাড খাব লাগে। এনে কৰাৰ দ্বাৰা আপুনি খাদ্য খোৱাৰ সময়ত কম ভোক অনুভৱ কৰিব। যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণত সহায় কৰিব।আনহাতে, চালাড সদায় দিনত খাব, ৰাতি নহয়।

পাচন তন্ত্ৰত বিভ্ৰান্তি

আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে,  আঁহে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে। আনহাতে, অত্যাধিক পৰিমাণৰ আঁহ সেৱন কৰিলে পাচন তন্ত্ৰত ব্যাঘাত জন্মাব পাৰে।

আপুনি কেতিয়া চালাড খাব  ?

খাদ্যৰ সৈতে চালাড খোৱাৰ সলনি, ইয়াক খাদ্য খোৱাৰ আধা ঘণ্টা আগতে খাব।এনে কৰাৰ দ্বাৰা আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকে আৰু আপুনি শৰীৰক লাগতিয়াল সকলো প্ৰ'টিন, আঁহ, ভিটামিন আৰু খনিজ প্ৰাপ্ত কৰিব পাৰে।


বি দ্ৰ: আমাৰ প্ৰবন্ধত উল্লেখ কৰা পৰামৰ্শবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে। সেয়েহে যদি আপুনি আপোনাৰ খাদ্য তালিকাত কোনো ধৰণৰ পৰিৱৰ্তন কৰিব বিচাৰে, চিকিৎসকৰ পৰামৰ্শ ল’ব।

Also Read: কফি বিপদজনক, খোৱাৰ আগতে সাৱধান হওঁক