চিকিৎসক দম্পতি দোষী সাব্য়স্ত হ'লে কেনে শাস্তিৰ সন্মুখীন হ'ব, কি কয় ন্যায় ব্যৱস্থাই ?

অভিযুক্ত চিকিৎসক ডা০ ৱালিউল ইছলাম আৰু মনোৰোগ বিশেষজ্ঞ ডা০ সংগীতা দত্তসহ এগৰাকী বনকৰা মহিলাক ইতিমধ্যেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে ৷

author-image
Asomiya Pratidin
New Update
চিকিৎসক দম্পতি দোষী সাব্য়স্ত হ'লে কেনে শাস্তিৰ সন্মুখীন হ'ব, কি কয় ন্যায় ব্যৱস্থাই ?

চিকিৎসক দম্পতি

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চিকিৎসক দম্পতিয়ে তোলনীয় সন্তানক কৰা অমানবীয় ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছে ৷ অভিযুক্ত চিকিৎসক ডা০ ৱালিউল ইছলাম আৰু মনোৰোগ বিশেষজ্ঞ ডা০ সংগীতা দত্তসহ এগৰাকী বনকৰা মহিলাক ইতিমধ্যেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে ৷

Advertisment

ইতিমধ্যেই শিশুটিৰ স্বাস্থ্য পৰীক্ষাত শিশুটিৰ গোপন অংগসহ শৰীৰৰ বিভিন্ন স্থানত আঘাটৰ চিন স্পষ্ট হৈছে ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানেও অধিক তদন্ত অব্যাহত ৰাখিছে ৷ যদিহে চিকিৎসক দম্পতি দোষী সাব্যস্ত হয় তেনেহ’লে কেনেধৰণৰ শাস্তিৰ সন্মোখীন হ’ব দুয়োগৰাকী অভিযুক্তই এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাঞ্জনে সংবাদ মাধ্যমৰ আগত জনাইছে ৷

অধিবক্তাগৰাকীয়ে জনাইছে যে চিকিৎসক দম্পতিক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০৭ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ ৩০৭ ৰ অধীনত শাস্তিৰ কাৰাদণ্ডৰে দণ্ডিত কৰা। এই কাৰাবাসৰ ম্যাদ হৈছে ১০ বছৰ ৷

তদুপৰি যদিহে কাৰোবাক হত্যা কৰাৰ চেষ্টা কৰে, নাইবা এনে যি কোনো কাৰ্য্যৰ দ্বাৰা ভুক্তভোগী আঘাত প্ৰাপ্ত হয়, তেনেহ'লে অপৰাধীজন দোষী সাব্যস্ত হ'লে ভাৰতীয় ন্যায় ব্যৱস্থাই আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিব পাৰে অভিযুক্তক ৷

লগতে অধিবক্তাগৰাকীয়ে জনায় যে শিশু তুলি লোৱাৰ ক্ষেত্ৰত ভাৰতীয় আইন ব্যৱস্থাই প্ৰদান কৰা নিয়মাৱলী মানি নচলাৰ বাবে কিশোৰ ন্যায়(juvenile justice act) ২০১৫ৰ অধিনত ধাৰাৰ শাস্তিৰ সন্মুখীন হ’ব ৷

সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা ভিডিঅ'ত ডা০ সংগীতা দত্তই উল্লেখ কৰিছে যে ভুক্তভোগী নাবালক কন্যা সন্তানটি আৰু আন এগৰাকী নাবালক তেওঁলোকৰ সন্তান নহয় । সংগীতায়ে এইটোও কৈছে যে তেওঁ নাজানে তেওঁলোকৰ মাক দেউতাক কোন আছিল আৰু তেওঁলোক ক'ৰ হ’য় ।

সংগীতাৰ বিবৃতি অনুসৰি, নৱজাতক যমজ শিশু দুটিক এগৰাকী মহিলাই ২০১৯ চনত তেওঁলোকক গটাই দিছিল ৷ এডিচিপি নন্দিনী কাকতিয়ে কৈছিল যে জেৰাৰ সময়ত সংগীতা দত্তই স্বীকাৰ কৰিছে যে শিশু দুটা তেওঁৰ সন্তান নহয়।

এ.ডি.চি.পি.গৰাকীয়ে লগতে কয় যে, শিশুটিৰ গাত গৰম ইস্ত্ৰীৰ প্ৰয়োগ কৰাৰ লগতে শিশুটিৰ ওপৰত উতলা পানী ঢলাৰ চিন স্পষ্ট হৈছে বুলিও মন্তব্য কৰিছে । সংগীতায়ে দেওবাৰে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে যে তেওঁ আইভিএফ চিকিৎসাৰ বিষয়ে আৰক্ষীক মিছা কৈছিল।"

বৰ্তমানে আৰক্ষীয়ে চিকিৎসক দম্পতীয়ে তেওঁলোকৰ তুলি লোৱা ইজন নাবালক পুত্ৰকো শাৰীৰিক ভাৱে নিৰ্যাতন চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

এই ঘটনাই এতিয়া ৰাজ্যজুৰি তুলপাৰ লগাইছে ৷ সকলোৱে একেমুখে ধিক্কাৰ প্ৰদান কৰিছে ভদ্ৰতাৰ মুখাৰ আঁৰৰ এনে অমানৱীয় কাণ্ডক ৷ শিশুক তুলি লৈ মিছা অবিভাৱকৰ মুখা পিন্ধা এনে সম্ভ্ৰান্ত লোকৰ কাণ্ডই সকলোকে ভবাই তুলিবলৈ বাধ্য কৰিছে ৷ সকলোৱে একেমুখে গৰিহণা প্ৰদান কৰাৰ লগতে উচিত শাস্তিৰ দাবী তুলিছে ৷

Also Read: দেশৰ লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ল নিটৰ পৰীক্ষাত..