দেশৰ লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ল নিটৰ পৰীক্ষাত..

দেওবাৰে দেশৰ লাখ লাখ পৰিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ল নীটৰ পৰীক্ষাত ৷ দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ (NEET UG) ২০২৩-২৪ বৰ্ষৰ পৰীক্ষা দেওবাৰে অনুষ্ঠিত হৈ যায়
দেশৰ লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ল নিটৰ পৰীক্ষাত..

ডিজিটেল ডেস্কঃ দেওবাৰে দেশৰ লাখ লাখ পৰিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ল নীটৰ পৰীক্ষাত ৷ দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ (NEET UG) ২০২৩-২৪ বৰ্ষৰ পৰীক্ষা দেওবাৰে অনুষ্ঠিত হৈ যায় ৷

নিটৰ পৰীক্ষা আজিৰ দিনৰ ২ বজাৰ পৰা আৰম্ভ হৈ ৫ বাজি ২০ মিনিটত সমাপ্তি হয় ৷ এই পৰীক্ষা লিখিত পদ্ধতিত অফলাইন প্ৰক্ৰিয়াৰে সম্পন্ন হৈছে ৷

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ দ্বাৰা জনোৱা তথ্য অনুসৰি মুঠ ২০,৮৭,৪৯৯ গৰাকী পৰীক্ষাৰ্থীয়ে আজিৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷

এই প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে এইমছকে ধৰি সমগ্ৰ দেশৰ নিৰ্বাচিত বিএছচি নাৰ্চিং মহাবিদ্যালয়সমূহত চিকিৎসা বিজ্ঞান, দন্ত চিকিৎসা, আয়ুষৰ নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷

মণিপুৰক বাদ দি এই পৰীক্ষাত দেশৰ মুঠ ৪৯৯ খন চহৰত আৰু ভাৰতৰ বাহিৰত ৭ খন চহৰত সফলভাবে অনুষ্ঠিত হৈ যায় । উল্লেখ্য যে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হৈছে নিটৰ পৰীক্ষা ৷

দেশৰ লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ল নিটৰ পৰীক্ষাত..
যোৰহাট কাণ্ডকলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in