/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a3397143-ff4a-4992-b815-2f4a03d02d6d/nilot.jpg)
সংগীত শিল্পী নিলোৎপল বৰালৈ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা
ডিজিটেল ডেস্কঃ অসমৰ সংগীত শিল্পী তথা মুম্বাইৰ সংগীত ক্ষেত্ৰখনত নিজৰ প্ৰতিভাৰে এক সুকীয়া আসন দখল কৰা নিলোৎপল বৰালৈ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা। ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত প্ৰতিষ্ঠিত আৰোহণ ন্যাসে অহা ২০ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰিব।
উল্লেখ্য যে ড০ শইকীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখিয়েই সংগীত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰিব। এই বঁটাটিত আছে নগদ ২৫ হাজাৰ টকা,গামোচা,মানপত্ৰ,স্মাৰকৰ লগতে কিাতাপৰ টোপোলা।
আনহাতে ন্যাস সমিতিয়ে জনোৱা অনুসৰি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দুদিনীয়া নাট সমাৰোহো অনুষ্ঠিত হ'ব। উল্লেখ্য যে শিল্পী নিলোৎপল বৰাৰ পূৰ্বে ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা অনিন্দিতা পাল,কবি মণিকা দাস আদিক প্ৰদান কৰা হৈছিল।
আৰু পঢ়কঃ ধোনিৰ চহৰত অপ্ৰতিৰোধ্য আছিল ভাৰতঃ পাণ্ডিয়াৰ নেতৃত্ব ভংগ হ'ল ৰেকৰ্ড, শোচনীয় পৰাজয়...