ধোনিৰ চহৰত অপ্ৰতিৰোধ্য আছিল ভাৰতঃ পাণ্ডিয়াৰ নেতৃত্ব ভংগ হ'ল ৰেকৰ্ড, শোচনীয় পৰাজয়...

ধোনিৰ চহৰত অপ্ৰতিৰোধ্য আছিল ভাৰতঃ পাণ্ডিয়াৰ নেতৃত্ব ভংগ হ'ল ৰেকৰ্ড, শোচনীয় পৰাজয়...
ধোনিৰ চহৰত অপ্ৰতিৰোধ্য আছিল ভাৰতঃ পাণ্ডিয়াৰ নেতৃত্ব ভংগ হ'ল ৰেকৰ্ড, শোচনীয় পৰাজয়...

ডিজিটেল ডেস্কঃ ভাৰতৰ মাটিত অনুষ্ঠিত দ্বিদেশীয় শৃংখলাৰ প্ৰথমখন টি-২০ ত নিউজিলেণ্ডে ২১ ৰাণত বিজয় সাব্যস্ত কৰিছে। দেশৰ মাটিত এইদৰে পৰাজয়বৰণ কৰিবলগীয়া হোৱাৰ অন্তৰালত ভাৰতীয় দলটোৰ দুৰ্বল বেটিং।

এই পৰাজয়ৰ লগে লগে ৩ খন টি-২০ ৰ এই শৃংখলাত ভাৰত ০-১ ত পিছ পৰি আছে। ভাৰতীয় দলটোৰ এই শোচনীয় পৰাজয়ৰ লগে লগে ভংগ হৈছে এক বিশেষ অভিলেখ। ৰাঁচীত এই পৰ্যন্ত এখনো টি-২০ ত পৰাস্ত হোৱা নাছিল। হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত আজিৰ মেচখনত ভাৰত পৰাস্ত হোৱাৰ লগে লগে সেই ৰেকৰ্ড ভংগ হয়।

পূৰ্বৰ অধিনায়ক 'কেপ্টেইন কুল' মহেন্দ্ৰ সিং ধোনীৰ চহৰ ৰাঁচীত নিউজিলেণ্ডে আজিৰ মেচখনত প্ৰথমে বেটিং কৰি ১৭৬ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পিছত ভাৰতীয় দলটোৱে বেটিং কৰিবলৈ আহি ২০ অভাৰত ৯ উইকেটত ১৫৫ ৰাণহে কৰিবলৈ সক্ষম হয়।

ধোনিৰ চহৰত অপ্ৰতিৰোধ্য আছিল ভাৰতঃ পাণ্ডিয়াৰ নেতৃত্ব ভংগ হ'ল ৰেকৰ্ড, শোচনীয় পৰাজয়...
৩১ গৰাকী আছাম ৰাইফলছৰ জোৱানক আৱদ্ধ কৰিলে NSCN (IM) নাগা আৰ্মিয়ে...

কিৱি দলটোৰ এই বিজয়ৰ নায়ক ডেৰিল মিচেল আৰু মিচেল চেণ্টনাৰ। ডেৰিল মিচেলে ৩০ টা বলত ৫৯ ৰাণ সংগ্ৰহ কৰে। আনহাতে মিচেল চেণ্টনাৰে চাৰি অভাৰত এটা মেইডেনসহ মাত্ৰ ১১ ৰাণ ব্যয় কৰি দুটা উইকেট দখল কৰে।

ভাৰতীয় দলটোৰ হৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ২১, সূৰ্যকুমাৰ যাদৱে ৪৭ ৰাণ, আৰু ৱাশ্বিংটন সুন্দৰে অৰ্ধশতক অৰ্জন কৰাৰ পৰিৱৰ্তে বাকী সকলো বিফল হয়। সুন্দৰে দলৰ বিপদৰ সময়ত ৬ নম্বৰত বেটিং কৰিবলৈ আহি স্ক'ৰ চম্ভালে। তেওঁ ভাৰতীয় দলটোৰ সন্মান ৰক্ষা ৰকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in