বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক গ্রেপ্তাৰ

বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক গ্রেপ্তাৰ

author-image
Asomiya Pratidin
New Update
বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক গ্রেপ্তাৰ

ডিজিটেল ডেস্ক : চুপাৰি ছিণ্ডিকেটৰ গোচৰত ক্ৰমান্বয়ে আৰক্ষীৰ গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি হৈছে। দেওবাৰেও আন দুজনক তলব কৰা হৈছে ।

Advertisment

দিনজোৰা সোধা-পোছাৰ অন্তত বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ লগতে স্বামী ববী সিং শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়। দেওবাৰে গুৱাহাটীৰ বাসগৃহৰ পৰা গায়ত্রী সোণোৱালক গ্ৰেপ্তাৰ কৰা হয়।

লগতে গায়ত্রী সোণোৱালৰ স্বামী ববী সিং শৰ্মাক গ্রেপ্তাৰ কৰা হয়। শনিবাৰে নিশা চি আই ডিৰ কাৰ্যালয়ত দুয়োগৰাকীৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰোৱা হৈছিল। উক্ত নিশা গায়ত্ৰী সোণোৱালক পাণবজাৰৰ মহিলা থানাতে ৰখা হৈছিল।

বিপৰীতে স্বামী ববী সিং শৰ্মাক CIDৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছিল। উল্লেখ্য যে,শনিবাৰে আৰক্ষী,কনিষ্টবল আৰু গায়ত্রী সোণোৱালৰ দেহৰক্ষীসহ ৬ গৰাকীক গ্ৰেপ্তাক কৰা হৈছিল। তেওঁলোক হৈছে- ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদ আৰু আজি স্বামীসহ গায়ত্রী সোণোৱালক গ্রেপ্তাৰ কৰে।

Also Read: চুপাৰি মাফিয়াক ধন দাবীৰ অভিযোগত ৫গৰাকী আৰক্ষী-কৰ্মচাৰীক গ্ৰেপ্তাৰ

Assam police