চুপাৰি মাফিয়াক ধন দাবীৰ অভিযোগত ৫গৰাকী আৰক্ষী-কৰ্মচাৰীক গ্ৰেপ্তাৰ

চুপাৰি মাফিয়াক ধন দাবীৰ অভিযোগত  ৫গৰাকী আৰক্ষী-কৰ্মচাৰীক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক : বজালীৰ সৰুপেটাত চি আই ডিৰ অভিযান। এটাৰ পিছত এটা কেলেংকাৰীৰে নাম সাঙোৰ খাইছে অসম আৰক্ষীৰ। খাকী পোছাকত কালিমা সানি গ্ৰেপ্তাৰ ৫ গৰাকী আৰক্ষী,কনিষ্টবল তথা দেহৰক্ষী।

চুপাৰি ব্যৱসায়িক অসম আৰক্ষীয়ে ৫ কোটি টকা ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছে। ধন দাবীৰ অভিযোগত শুকুৰবাৰে চি আই ডিয়ে বজালীৰ ডি এছ পিকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়াক আটক কৰিছিল। ইয়াৰ পিছতে শনিবাৰে চি আই ডিয়ে ৫গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

তেওঁলোক হৈছে- ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয় আৰু বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদক গ্রেপ্তাৰ কৰে।

উল্লেখ্য যে,এই ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষী বিষয়া-কৰ্মচাৰীসকলক শুকুৰবাৰে চি আই ডিয়ে জেৰা চলাইছিল। তলব কৰা হৈছিল বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক। শুকুৰবাৰৰ জেৰাৰ অন্তত শনিবাৰে এইসকল আৰক্ষী বিষয়া,কনিষ্টবল তথা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হয়।

চুপাৰি মাফিয়াক ধন দাবীৰ অভিযোগত  ৫গৰাকী আৰক্ষী-কৰ্মচাৰীক গ্ৰেপ্তাৰ
১৪০ কোটি ভাৰতীয়ৰ সপোন কঢ়িয়াই সূৰ্যলৈ আদিত্য এল-১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in