/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4f9b4eb2-b150-4182-b451-c8310037b138/sibir.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অভিযানৰ বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বিশেষ স্বাস্থ্য পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। বৃহস্পতিবাৰে এই শিবিৰটি তামুলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গান্ধীবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সোনতলা প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9e619d24-1210-4ada-a49b-b189f444d195/1ce948ea_28f3_41bd_af02_eea8b07d31b3.jpg)
পুৱা শিবিৰটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গান্ধীবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা° প্ৰদীপ শৰ্মা (আয়ুস )ই ৷ বিশেষ স্বাস্থ্য পৰীক্ষণ শিবিৰটোত দাঁতৰ ৰোগ,সাধাৰণ জ্বৰ, কাঁহ ,পেটৰ ৰোগৰ উপৰিও কুষ্ঠ ৰোগ ,ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা , সাধাৰণ যক্ষ্মা নিবাৰণী সেৱা, চিকিৎসা ভ্ৰাম্যমাণ স্বাস্থ্য ইউনিটে স্বাস্থ্য পৰীক্ষা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fe211879-6f1f-4d8c-aeab-042c85ba28b4/f2ca4bc6_f657_4b57_8bc4_1ae818997cfe.jpg)
লগতে স্বাস্থ্য সন্দৰ্ভত এক সজাগতা আনিবলৈ প্ৰয়াস কৰা হয়। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অভিযানৰ বাক্সা জিলা স্বাস্থ্য সমিতিৰ লগতে শিবিৰটোত এন এছ ডি এল নামৰ স্বেচ্ছাসেৱী সংস্থাই সহযোগ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3c8189e3-06f8-4471-95ee-3c98cfd5a668/c5497bca_b551_4791_9df9_827a20e8298f.jpg)
ইয়াৰোপৰি অসংক্ৰামক ৰোগ যেনে উচ্চ ৰক্তচাপ, মধুমেহ ৰোগৰ চিকিৎসা সেৱাও আগবঢ়োৱা হয় বুলি তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ আঁচনি প্ৰৱন্ধক কিশোৰ শৰ্মাই জানিব দিয়ে ৷ আজিৰ শিবিৰত চিকিৎসা বিষয়া ক্ৰমে ডা° জোতীৰ্ময় কলিতা ,ডা° অমিত শ্বাহু, ডা° জুৰি বড়ো, ভ্ৰাম্যমাণ স্বাস্ব্য সেৱা বিষয়া ডা° আমিনুল হ’ক চৌধুৰীয়ে ৰোগী সকলক চিকিৎসা সেৱা আগবঢ়ায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/cc83f66d-e9c0-4dbf-864f-21f59be9dba6/55285a78_3dc7_427b_b7c6_2f3330359cad.jpg)
ইফালে পেৰামেডিকেল দলে আয়ুস্মান ভাৰত হেল্থ একাউন্টেন্সী সেৱা প্ৰদান কৰে।শিবিৰত বৃহত্তৰ সোনতলা অঞ্চলৰ পুৰুষ মহিলা শিশুসহ প্ৰায় ২ শতাধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰি বিনামূলীয়া কৈ ঔষধ লাভ কৰে ৷ আবেলিলৈ এই স্বাস্থ্য পৰীক্ষণ শিবিৰৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে ৷