/asomiyapratidin/media/media_files/2025/06/01/msqLfxGeRLYVw083PGWn.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
বহু বঁটা হল এতিয়া। বঁটা বাঢ়িল, কিন্তু বঁটাৰ ওজন কমিল। আগতে কোনো এক ব্যক্তিয়ে বঁটা গ্ৰহণ কৰি সেই বঁটাটোৰ গৰিমা বৃদ্ধি কৰিছিল। তেতিয়াও দুই-এক বিসংগতি হলেও বঁটাবোৰ আজিৰ দৰে তৰল হৈ যোৱা নাছিল।
অসমত প্ৰৱৰ্তিত বহুকেইটা সন্মানী বটাঁ এতিয়া অতীত হ’ল। কোনোবা বিশেষ লোকৰ স্বীকৃতিৰ মাধ্যম ৰূপত বহুবোৰ বটাঁ ব্যৱহাৰ হৈছে আৰু তাক লৈ বিৰ্তকৰ সূচনা হোৱা দেখা পোৱা গৈছে।
অসমত এনে প্ৰতিভাধৰ লোকৰো জন্ম হৈছে যিসকলক তেওঁলোকৰ যোগ্যতা আৰু অৰিহণা থকাৰ পাছতো উপযুক্ত সন্মান দিয়া হোৱা নাই। বঁটা বা সন্মান লাভ নকৰিলেও তেওঁলোকৰ সৃষ্টি আজিও স্থায়ী হৈয়ে ৰৈছে।
সাহিত্য অকাডেমী বঁটা নাপালে মহেন্দ্ৰ বৰাই। এইগৰাকী কবি সাহিত্যিকৰ অসমীয়া সাহিত্যলৈ বৰঙণি অকাডেমী নাপালে বুলিয়ে কোনেও অস্বীকাৰ কৰিব নোৱাৰে। একেদৰে এই বঁটাৰে সন্মানিত হৈওঁ বহু সাহিত্যিক সময়ৰ সোঁতত হেৰাই যোৱাও উদাহৰণ আছে।
অসম সাহিত্য উপত্যাকা বঁটা কি পৰিস্থিতিত বন্ধ হল, সেইবোৰ কথা পুৰণি হলেও এই ইতিহাস নোহোৱা হৈ নাযায়। চৰকাৰীভাৱে দিয়া বহুকেইটা উল্লেখযোগ্য বঁটা ৰহস্যজনক কাৰনত বন্ধ হৈ পৰিল।
এটা বঁটাই এজন সাহিত্যিকক, এজন খেলুৱৈক অনুপ্ৰেৰণা দিয়ে। ই এক উতসাহ ভৰা স্বীকৃতি। বহুবোৰ বটাঁৰ মাজত মৰ্যদা আৰু গৰিমা ৰক্ষা কৰা এটা বঁটা হল- মুনীন বৰকটকী বঁটা।
১৯৯৫চনৰ পৰা মুনীন বৰকটকীৰ নামত প্ৰৱৰ্তন কৰা হৈছিল এই বঁটা। ৪০বছৰৰ তলৰ লেখক-লেখিকাক প্ৰদান কৰা এই বঁটাত বৰ্তমান দিয়া হয় ৫০হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ।
তাৰ পৰৱৰ্তী বৰ্ষবোৰত ‘মুনীন বৰকটকী বঁটাঁ’ লাভ কৰা সকল ক্ৰমেঃ-
- · ১৯৯৬চনত লুৎফা হানুম চেলিমা বেগম (সেউজীয়া বাট এটা বিচাৰিছে সৰাপাটবোৰে, কবিতা) আৰু ডঃ ভৃংগেশ্বৰ শৰ্মা (কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু, গল্প)
- · ১৯৯৭চনত অনুভৱ তুলসী (দোৰোণ ফুল, কবিতা)
- · ১৯৯৮চনত কুল শইকীয়া (আখৰাত মই আৰু অন্যান্য, গল্প)
- · ১৯৯৯চনত বিতোপন বৰবৰা (মোৰো এটা সপোন আছিল, গল্প) আৰু ৰাজীৱ বৰুৱা (পানীৰ ঘৰ, কবিতা)
- · ২০০০চনত মৌচুমী কন্দলী (লামবাদা নাচৰ শেষত, গল্প) দীপক কুমাৰ গগৈ আৰু পঙ্কজজ্যোতি ভূঞা (ইষ্টাণ্টিক, নাটক )
- · ২০০১চনত নৱনীতা গগৈ (ছাঁ-পোহৰত অকলে, গল্প) আৰু মুনীন বায়ন (কিতাপ আৰু সংলাপ, সমালোচনা)
- · ২০০২চনত হেমাঙ্গ কুমাৰ দত্ত (অথবা, কবিতা) আৰু গংগা মোহন মিলি (নদী মানুহৰ ঠিকনা, কবিতা)
- · ২০০৩চনত কুশল দত্ত (ইলেক্ট্ৰনিক চৰাই, কবিতা) আৰু মনোজ বৰপূজাৰী (আমলখি গছৰ সুহুৰি, কবিতা)
- · ২০০৪চনত মণিকুন্তলা ভট্টাচাৰ্য (প্ৰস্তৰ কন্যা, গল্প) আৰু মনালিছা শইকীয়া (পুনৰ জনম লৈ তেজীমলাই, গল্প)
- · ২০০৫চনত মণিকা দেৱী (প্ৰিয় আলাপ, গল্প) আৰু ধ্ৰুৱজ্যোতি শৰ্মা (দ্বীপ, গল্প)
- · ২০০৬চনত অজিৎ গগৈ (ৰঙা জেঠি, কবিতা) আৰু আব্দুছ ছামাদ (বৈ যায় চম্পাৱতী, উপন্যাস)
- · ২০০৭চনত অনামিকা বৰা (জলাশয়, গল্প) আৰু বিজয় শংকৰ বৰ্মন (দেও, কবিতা)
- · ২০০৮চনত গীতালি বৰা (সম্ভৱতঃ, গল্প) আৰু কমল কুমাৰ তাঁতী (মাৰাংবুৰু আমাৰ পিতা, কবিতা)
- · ২০০৯চনত দিগন্ত ওজা (সন্ধিক্ষণত মানুহ, আলোচনা) আৰু ৰত্না ভৰালী তালুকদাৰ (ঘৰ ঘৰ খেলিবা আহা, গল্প)
- · ২০১০চনত ৰূপলেখা দেৱী (অন্যত্ৰ বিৰলা দেৱী, উপন্যাস) আৰু অৰূপ নাথ (সাউদ, গল্প) ৷
- · ২০১১চনত অৰিন্দম বৰকটকী (অনুশীলন, সমালোচনা) আৰু ৰশ্মিৰেখা বৰা (শিঙৰাজানৰ ৰূপকথা, গল্প) ৷
- · ২০১২চনত সঞ্জীৱ পল ডেকা (এই পিনে কি আছে, গল্প) আৰু শৰ্মিষ্ঠা প্ৰীতম (আত্মকথা, আত্মজীৱনী)
- · ২০১৩চনত মৃদুল হালৈ (অকলে আছোঁ কুশলে আছোঁ, কবিতা ) আৰু অপু ভৰদ্বাজ (মস্তিষ্কৰ চিনেমা, গল্প ) ৷
- · ২০১৪চনত তুলিকা শইকীয়া ( চাৰিশাল গোসাঁনীৰ তেজ, গল্প) আৰু দিব্যজ্যোতি বৰা (টোপনি, কবিতা) ৷
- · ২০১৫চনৰ পৰা বঁটাৰ নাম মুনীন বৰকটকী বঁটা ৰপৰা সলনি কৰি মুনীন বৰকটকী সাহিত্য বঁটা কৰা হয়। এই বৰ্ষত জ্যোতি খাটনিয়াৰ (ইমান সমান্তৰাল নে চেগুন দুডাল, সমালোচনা) আৰু প্ৰতীম বৰুৱা (আৰু নীৰৱতা, কবিতা)ক প্ৰদান কৰা হয়।
- · ২০১৬চনত ভাস্কৰ ঠাকুৰীয়া ( সিংহদ্বাৰ, উপন্যাস)
- · ২০১৭চনত ডালিম দাস ( হৰি যদু মধু, গল্প )
- · ২০১৮চনত দেৱভূষণ বৰা ( নিৰ্বচন, সাহিত্য সমালোচনা )
- · ২০১৯চনত অংকুৰ ৰঞ্জন ফুকন ( ৎ, কবিতা ) আৰু মনোৰঞ্জন বড়ি ( মহ-য'খ, গল্প )
- · ২০২০চনত অভিজিৎ বৰা ( ডেউকা কোবাই যায়, গল্প )
- · ২০২১চনত প্ৰদ্য়ুম্ন কুমাৰ গগৈ (চকী আৰু অন্য়ান্য় গল্প, চুটিগল্প সংকলন)
- · ২০২২চনত উপাসনা শইকীয়া (হালধীয়া জোতা ) [চুটিগল্প].
- · ২০২৩চনত নয়নজ্য়োতি শৰ্মা (জাল কটা জুই ) [চুটিগল্প].
- · ২০২৪চনত পাপৰি বৰ্মন ('পৰুৱা পোহনীয়া' ) গল্প
২০১৩ চনত ‘বঁটা নিৰ্বাচন সমিতিৰ বিশেষ উল্লেখ’ৰ মুনীন বৰকটকী বিশেষ মান্য়তা বঁটা আগবঢ়োৱা হৈছিল পংকজ কুমাৰ দত্ত (ফুগু মাছৰ মাছুৱৈ, গল্প)লৈ ৷ কিন্তু ২০২০ চনত তেওঁ সেই মানপত্ৰ আৰু অৰ্থমূল্য ন্যাসলৈ ওভোতাই দি সন্মান প্ৰত্যাহাৰ কৰিছিল ৷