/asomiyapratidin/media/media_files/2025/06/01/nC6qMeoOXtJ7LJdPXklt.jpg)
ডিজিটেল ডেস্ক : অহা ৩ জুন মঙলবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হ'বলগা আই পি এলৰ ফাইনেল মেচত উপস্থিত নাথাকে দেশৰ তিনি সেনাপ্রধান। 'অপাৰেচন সিন্দুৰ'ৰ সাফল্যৰ পিচত ভাৰতীয় ব'র্ডে সেনাৰ তিনি প্রধানক ফাইনেলৰ দিনা বিশেষ সন্মান জনোৱাৰ সিদ্ধান্ত লৈছিল।
সেই অনুসৰিয়েই আমন্ত্রণ জনোৱা হৈছিল আর্মি চীফ জেনেৰেল উপেন্দ্র দ্বিবেদী, নেভি চীফ এডমিৰেল দীনেশ কে ত্রিপাঠী আৰু এয়াৰ চীফ মাৰ্শ্বাল অমৰপ্ৰীত সিঙক। খবৰ অনুসৰি তিনি সেনাপ্রধানেই ব'ৰ্ডৰ আমন্ত্রণ প্রত্যাখ্যান কৰিছে। অৱশ্যে নির্দিষ্ট কোনো কাৰণ দর্শোৱা নাই।
উল্লেখযোগ্য যে, তিনি সেনাপ্রধানৰ উপৰি ছিনিয়ৰ অফিচাৰ আৰু জোৱানসকলকো বিশেষ আমন্ত্রণ জনোৱা হৈছিল। ষ্টেডিয়ামত এহেজাৰ বিশেষ আসনৰো ব্যৱস্থা কৰা হৈছিল। আনকি ষ্টেডিয়ামৰ বৃহৎ স্ক্রীনত ভাৰতীয় সেনাৰ বীৰ গাথাসম্বলিত এখন তথ্যচিত্র প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছিল।