বটদ্ৰৱাৰ কদমনিত ভয়ংকৰ পথ দুৰ্ঘটনা

বটদ্ৰৱাৰ কদমনিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ সংঘৰ্ষত গুৰুত্বৰভাৱে আহত হয় চাৰিজন লোক। 

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ কদমনিত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱাৰ কদমনিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ সংঘৰ্ষত গুৰুত্বৰভাৱে আহত হয় চাৰিজন লোক। 

Advertisment

জানিব পৰা মতে, AS 02 AU 2707 আৰু AS 02 H 9479 নম্বৰৰ বটদ্ৰৱাৰ পৰা ধিং অভিমুখে তীব্ৰ গতিৰে গৈ থকা দুখন বাইকৰ মাজত সংঘটিত হয় সংঘৰ্ষ। এগৰাকী মহিলাসহ আহত চাৰিগৰাকীৰ ঘৰ বটদ্ৰৱাৰ কদমনিত বুলি জানিব পৰা গৈছে। 

আহত কেইজনৰ ভিতৰত দুগৰাকীৰ অৱস্থা অতি সংকটজনক। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

Assam police