বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল

বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথৰ চাহ মজুদুৰ সংঘৰ কাৰ্যালয়ত আছা'ৰ বিশ্বনাথ জিলা সমিতিৰ সংবাদমেল। সংবাদমেল যোগে সংগঠনটোৱে উল্লেখ কৰে যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে বিশ্বনাথ জিলা আটছা'ৰ নেতৃত্বই সংবাদ মাধ্যম তথা বিভিন্ন চছিয়েল মিডিয়াযোগে বিভিন্ন আপত্তিজনক তথা বিৰূপ মন্তব্য প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে।

সংবাদমেলত কয় 'চৰকাৰক আমি বহু বছৰ পূৰ্বৰ পৰাই দাবী জনাই আহিছো যে আমাৰ আদিবাসী হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে। চাহ বাগিচাসমূহত আদিবাসী লোকৰ সংখ্যা অধিক,সেয়েহে চৰকাৰে আমাক আদিবাসী হিচাপে মৰ্যাদা দিয়ক।

তেওঁলোকক চাহ জনগোষ্টিৰ মৰ্যাদা লাগে,তেওঁলোকে লওক কিন্তু আমাক আদিবাসী হিচাপেই মৰ্যাদা দিব লাগিব।' দুদিন পূৰ্বে আটছাই প্ৰদীপ নাগক ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেনাৰ বুলি মন্তব্য কৰাৰ প্ৰতুত্তৰত কয় যে, আটছাই প্ৰমাণ কৰক প্ৰদীপ নাগ কোন ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেনাৰ। আটছা'ৰ নীতি শিক্ষাৰ আমাৰ প্ৰয়োজন নাই,আমাক নীতি শিক্ষা দিয়াৰ পূৰ্বে তেওঁলোকে আগত নীতি শিক্ষা লওঁক বুলিও সংগঠনটোৱে সকিয়াই দিয়ে।

প্ৰদীপ নাগে আদিবাসী সমাজৰ বাবে কাম কৰি আছে আৰু কৰি থাকিব। অসমৰ আদিবাসীসকলক চৰকাৰে জাতিৰ প্ৰমাণ পত্ৰ আদিবাসী নামৰেই প্ৰদান কৰাৰ বাবে সংগঠনটোৱে দাবী জনায় । চাহ জনজাতি অথবা প্ৰাক্তন চাহ জনজাতিৰ প্ৰমাণ পত্ৰ আমি কোনো কাৰণতে গ্ৰহণ নকৰো বুলি মন্তব্য কৰে।

ইফালে সংগঠনে সংবাদ মেলযোগে Tea tribes and Adivasi Welfare Department ফাণ্ড আদিবাসী হিচাপেই দিবলৈ দাবী জনায়। উক্ত সংবাদমেলত অংশগ্ৰহণ কৰে আছাৰ কেন্দ্ৰীয় সমিতিৰ ভূমি সম্পাদক ৰহান ভূমিজ,বিশ্বনাথ জিলা সমিতিৰ সভপতি অমিত কিণ্ডু,সাধাৰণ সম্পাদক অমৃত মুণ্ডা সহ আছাৰ বিশ্বনাথ জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ সমূহ বিষয়-ববীয়াসকল অংশগ্ৰহণ কৰে।

বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল
জোনাইত টাবুৰাম টাইদৰ মৃত্যুবাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in