জামুগুৰিহাটত আৰক্ষীৰ অভিযান; জাল নোটসহ আটক...

মঙলবাৰে নিশাৰ ভাগত জামুগুৰিহাটত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ জাল নোট জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত আৰক্ষীৰ অভিযান; জাল নোটসহ আটক...

ডিজিটেল সংবাদ, জামুগুৰিহাট : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে অসম আৰক্ষীয়ে উত্তৰ অসমত নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে। ঠিক তেনে সময়তে মঙলবাৰে নিশাৰ ভাগত জামুগুৰিহাটত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ জাল নোট জব্দ কৰে।

Advertisment

লগতে আৰক্ষীয়ে এজন লোকক আটক কৰিবলৈও সক্ষম হয়। আটকধীন লোকজন হ'ল ইয়ানুছ আলী। উল্লেখ্য যে, জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ কাছমাৰী ভৈৰবীৰ পৰা আটক কৰিছে ইয়ানুছ আলীক।

ইয়ানুছ আলীৰ পৰা পাঁচশ টকীয়া জাল নোটসহ ১২০০০ (বাৰহাজাৰ) টকা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ইয়ানুছ আলীক ইতিমধ্যে জে'ল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Also Read: বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাৰত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি...

Assam police