বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাৰত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি...

বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাৰত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হ’ব উৰণীয়া সেতু ৷ ৰাষ্ট্ৰীয় ঘাইপথটোত তিনিটা খণ্ডত নিৰ্মাণ কৰা হ’ব উৰণীয়া সেতু। কেন্দ্ৰীয় পৰিবহনমন্ত্ৰী নিতিন গাডকাৰীৰ নিৰ্দেশনাৰ ভিত্তিত এই কথা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰা মতে, পৰ্যটনৰ ওপৰত ভিত্তি কৰি আকৰ্ষণীয় ভাৱে সুৰংগ আৰু উৰণীয়া সেতু নিৰ্মাণৰ বাবে প্ৰাক:কলন প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। প্ৰধানকৈ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ দিশটো সামৰি লৈ এই উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব ৷

উল্লেখ্য যে, তিনি মাহৰ ভিতৰত প্ৰাক:কলন দাখিল কৰাৰ নিৰ্দেশা জাৰি কৰিছে কেন্দ্ৰীয় পৰিবহনমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে কাম-কাজসমূহ লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত দিয়াৰ লগতে অভিজ্ঞ কোম্পানীক ইয়াৰ দায়িত্ব প্ৰদান কৰা হ’ব বুলি সঞ্চালক শৰ্মাই জানিবলৈ দিয়ে৷

বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাৰত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি...
অমিত শ্বাহৰ আগমণত মহানগৰীত মানিব লাগিব পথ নিৰ্দেশনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in