পৰপুৰুষৰ সৈতে অবৈধ কাৰ্যকলাপত লিপ্ত শাহুৰ বোৱাৰীক প্ৰাণে মৰাৰ চেষ্টা

পৰপুৰুষৰ সৈতে অবৈধ কাৰ্যকলাপত লিপ্ত শাহুৰ বোৱাৰীক প্ৰাণে মৰাৰ চেষ্টা

author-image
Asomiya Pratidin
New Update
পৰপুৰুষৰ সৈতে  অবৈধ কাৰ্যকলাপত লিপ্ত শাহুৰ বোৱাৰীক প্ৰাণে মৰাৰ চেষ্টা

ডিজিটেল সংবাদ, শিলচৰ: ৱাৰ্ড সদস্যৰ সৈতে পৰকীয়া প্ৰেমৰ অবৈধ কাৰ্যকলাপ প্ৰত্যক্ষ কৰা বাবে নিজৰ বোৱাৰীক প্ৰাণে মৰাৰ চেষ্টা শাহুৱেকৰ। ঘৰৰ ভিতৰত বন্দী কৰি ৰাখি বোৱাৰী গৰাকীক প্রাণে মৰাৰ চেষ্টা চলায় শাহুৱেক, ৱাৰ্ড সদস্য প্ৰেমিক আৰু বোৱাৰী গৰাকীৰ স্বামীয়ে।

Advertisment

বোৱাৰী গৰাকীক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে স্বামী আৰু শাহুৱেকে। কেৱল ইমানেই নহয়, বোৱাৰী গৰাকীক কাটিগৰা হাস্পতালয়লৈ নি বেআইনী ভাবে গর্ভপাতো কৰোৱাই স্বামী আৰু শাহুৱেকৰ অবৈধ প্ৰেমিকে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ কালাইনৰ কুৰকুৰি গাঁৱত। ইতিমধ্যে ঘটনা সন্দৰ্ভত কালাইন থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী বোৱাৰী ৰুমানা বেগমে এজাহাৰত শাহুৱেক ময়মুন নেছা, স্বামী তাজিম উদ্দিন আৰু কুৰকুৰি জিপিৰ ১নম্বৰ ৱার্ড সদস্য আব্দুল কৰিমৰ নাম সন্নিৱিষ্ট কৰা হৈছে। কালাইন আৰক্ষীয় ইতিমধ্যে ৪১৪/২৩ নম্বৰত গোচৰ নথিভুক্ত কৰি তদন্ত আৰম্ভ কৰিছে।

Also Read: ডিজেল ইঞ্জিন বাহনত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপৰ প্ৰস্তাৱ নীতিন গাডকাৰীৰ

assampolice