ডিজেল ইঞ্জিন বাহনত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপৰ প্ৰস্তাৱ নীতিন গাডকাৰীৰ

ডিজেল ইঞ্জিন বাহনত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপৰ প্ৰস্তাৱ নীতিন গাডকাৰীৰ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে প্ৰদূষণ হ্ৰাস কৰাৰ প্ৰয়াসত ডিজেল ইঞ্জিনৰ বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াই বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত ৬৩ সংখ্যক বাৰ্ষিক 'ছিয়াম' অধিৱেশনত ভাষণ দি গাডকাৰীয়ে কয় যে, তেওঁ মঙলবাৰে সন্ধিয়া এই বিষয়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব।

ডিজেলক “বিপজ্জনক” ইন্ধন বুলি অভিহিত কৰি গাডকাৰীয়ে উল্লেখ কৰে যে, চাহিদা পূৰণ কৰিবলৈ দেশখনে ইন্ধন আমদানি কৰিব লাগিব। ইথানল বা সেউজ হাইড্ৰজেনৰ দৰে পৰিৱেশ অনুকূল বিকল্প ইন্ধনৰ ওপৰতো গুৰুত্ব দিবলৈ উদ্যোগটোক আহ্বান জনাই কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

ডিজেল ইঞ্জিন বাহনত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপৰ প্ৰস্তাৱ নীতিন গাডকাৰীৰ
"স্ব-ইচ্ছাৰেই পি অ' কে হ'ব ভাৰতৰ অংশ"- ভি কে সিং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in