অসম

বিলাসীপাৰাত পৈশাচিক আনন্দ দুৰ্ঘটনাকাৰীৰ, মৃত্যু এগৰাকী মহিলাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিলাসীপাৰাত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত নিহত হ'ল এগৰাকী মহিলা । কিন্তু দুৰ্ঘটনাকাৰীৰ দুচকুত দেখা নগ'ল এধানিমানো অনুশোচনা । ইয়াৰ পৰিৱৰ্তে সামাজিক মাধ্যমত ভিডিঅ' প্ৰকাশ কৰি পৈশাচিক আনন্দত লিপ্ত হ'ল বাইকাৰৰ দলটি ।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া বিলাসীপাৰাৰ সূৰ্য্যখাতাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। উদণ্ড যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল সূৰ্য্যখাতা প্ৰথম খণ্ড গাঁৱৰ ছকিনা বেওৱা (৭০) নামৰ এগৰাকী  বৃদ্ধ মহিলা। পিছত বৃদ্ধ মহিলা গৰাকীক ততাতৈয়াকৈ বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হয় বৃদ্ধ মহিলা গৰাকীৰ। দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ আছিল  AS-17 M1101।

বৃদ্ধ মহিলা গৰাকীৰ কৰুণ মৃত্যুত সমগ্ৰ সূৰ্য্যখাতা গাঁৱত শোকাকুল পৰিৱেশ বিৰাজ কৰি থকা অৱস্থাতেই উদণ্ড যুৱকৰ দলটিয়ে নিজকে Gang of Devil বুলি সম্বোধন  কৰি সামাজিক  মাধ্যমত ভাইৰেল কৰিলে ভিডিঅ' বাৰ্তা।

"এজনক মাৰি পেলাই দহ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই অহা হ'ল।  গেং অৱ ডেভিলৰ এই পাৱাৰ। আমি এতিয়া পাৰ্টী কৰি আছোঁ।"  ধূমপান কৰি সামাজিক মাধ্যমত এই বুলি ভিডিঅ' ভাইৰেল কৰিলে উদণ্ড যুৱকৰ দলটোৱে ।

এই ঘটনাত এতিয়া হতভম্ব হৈ পৰিছে ৰাজ্যৰ সচেতন মহল । মানুহ এগৰাকীৰ অকাল মৃত্যুৰ কাৰণ হোৱাৰ পিছতো কিদৰে এনে পৈশাচিক আনন্দত কোনো ব্যক্তি লিপ্ত হ'ব পাৰে সেই প্ৰশ্নই জোকাৰি গৈছে ৰাজ্যখনক । ইয়াৰ ওপৰিও, দুৰ্ঘটনা সংঘটিত কৰি এগৰাকী বৃদ্ধাৰ মৃত্যুৰ কাৰণ হোৱাৰ পিছতো কিদৰে কেৱল ১০ মিনিটতে আৰক্ষী থানাৰ পৰা মুকলি হৈ আহিল এই কেইগৰাকী উন্মত্ত যুৱক সেইয়াও লক্ষ্যণীয় বিষয় ।