কোকৰাঝাৰত বি টি আৰ চৰকাৰৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

কোকৰাঝাৰৰ চান্দামাৰীস্থিত বডোফা কালচাৰেল কমপ্লেক্সত বিটিআৰ চৰকাৰৰ সহযোগত দুলাৰাই বড়ো হাৰিমু আফাদ আৰু বড়ো ৰেডিঅ এণ্ড টেলিভিছন আৰ্টিষ্ট এছোচিয়েচনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত বি টি আৰ চৰকাৰৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

কোকৰাঝাৰত বি টি আৰ চৰকাৰৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰৰ চান্দামাৰীস্থিত বডোফা কালচাৰেল কমপ্লেক্সত বিটিআৰ চৰকাৰৰ সহযোগত দুলাৰাই বড়ো হাৰিমু আফাদ আৰু বড়ো ৰেডিঅ এণ্ড টেলিভিছন আৰ্টিষ্ট এছোচিয়েচনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত ১৯৫৫ চনৰ পৰা ১৯৮৬ চনলৈ দেশৰ ৰাজধানী দিল্লীত বড়ো জনগোষ্ঠীয় লোক নৃত্য প্ৰদৰ্শন কৰা ১৬৫ গৰাকী বড়ো শিল্পীক আদৰণী ও সম্বৰ্ধনা জনোৱা হয়। 

Advertisment

সম্বৰ্ধনাত আছে এখন প্ৰমাণপত্ৰ,  এটি স্মাৰক, নগদ ৫০ হাজাৰ টকাৰ চেক, এড়ী চাদৰ - কোট আৰু এখন আৰোনাই । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিল্পীসকলৰ নামত এক মিনিট প্ৰাৰ্থনা কৰা হয় ।  

ইয়াৰ পিছতেই অনুষ্ঠানটি উদ্ধোধন কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে ।  অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই । 

কোকৰাঝাৰত বি টি আৰ চৰকাৰৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

উল্লেখযোগ্য যে ১৯৫৫ চনৰ পৰা ১৯৮৬ চনলৈ ভাৰতৰ ৰাজধানী দিল্লীত নৃত্য কৰা আইতাসকলে নৃত্য প্ৰদৰ্শন কৰে । বড়ো শিল্পীসকলৰ ইতিহাস পুথি উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে । 

অনুষ্ঠানত কেবিনেট মন্ত্ৰীদ্বয় উৰ্খাও গৌৰা ব্ৰহ্ম, ৰঞ্জিত দাস, কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌনগৌৰা নাৰ্জাৰী, বিটিআৰৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো,  বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেন বড়ো, পূৱ কোকৰাঝাৰ বিধানসভাৰ বিধায়ক লৰেন্স ইচলাৰী, তামুলপুৰ বিধানসভাৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্য্যবাহী সদস্য ক্ৰমে  ড০ নিলুত স্বৰ্গীয়াৰী, দাওবাইছা বড়ো, ছাইখং বসুমতাৰী, চজল আলি, এমচিএলএ ৰেওৰেৱা নাৰ্জাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি খোৰোমদাও ওৱাৰী, নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী বিজুলি নাৰ্জাৰী, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ ড০ দিমাছা দৈব্ৰাং মোছাহাৰী,  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ড০ ইন্দিৰা বড়ো, বড়ো বিশিষ্ট শিল্পী ৰজনী স্বৰ্গীয়াৰী, পশ্চিম বংগৰ বিশিষ্ট বড়ো ব্যক্তি- শিল্পী, অসমৰ বিশিষ্ট বড়ো শিল্পীসকলে অংশ লয়।

কোকৰাঝাৰত বি টি আৰ চৰকাৰৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

একেদৰে ন- পুৰণি শিল্পীৰ লগতে বিটিআৰৰ বহু শতাধিক বড়ো আবাল- বৃদ্ধ,  বিশ্ববিদ্যালয়, মহাবিদ্যালয়বোৰৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

Urkhao Gwra Brahma ranjit kumar das pramod bodo kokrajhar