/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/275130eb-c038-435d-9925-16a798dfc879/orion.jpg)
ডিজিটেল ডেস্ক : নাছাৰ উত্তৰ প্ৰজন্মৰ প্ৰযুক্তিৰে নিৰ্মিত অৰায়ন কেপছুলে ৰবিবাৰে নিশা সুকলমে অৱতৰণ কৰে প্ৰশান্ত মহাসাগৰত । ২৬ দিনৰ বাবে পৃথিৱীৰ কক্ষপথ প্ৰদৰ্শন কৰি উভতি আহিছিল মহাকাশচাৰী কঢ়িয়াই নিয়া এই বাহন খন । অৱশ্যে নাছাই পোন প্ৰথমবাৰৰ বাবে এনে উন্নত মানৰ উত্তৰ প্ৰজন্মৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰাৰ বাবে কোনো মহাকাশচাৰী কঢ়িয়াই নিয়া নাছিল যান খনে ।
উল্লেখ্য যে, পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত তীব্ৰ বেগে সমুদ্ৰ পৃষ্ঠৰ দিশে নামি আহিছিল অৰায়ন কেপছুলটো । যাৰ বাবে যথেষ্ট চিন্তিত হৈছিল মহাকাশ বিজ্ঞানী সকল । কিন্তু সুকলমে সমুদ্ৰ পৃষ্ঠত অৱতৰণ কৰাৰ পাছত নাছাই এই সমগ্ৰ অভিযানটোক সফল আখ্যা দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3609136c-5796-4b8b-b882-e5df5d87fb1e/FjvEIvHWYAIFZF5.jpg)
আনহাতে, ২০২৪ বৰ্ষৰ শেষৰ ভাগত অথবা ২০২৫ বৰ্ষৰ আৰম্ভণিত এই অভিযানটো পুনৰ হাতত ল'ব নাছাই । কিন্তু এইবাৰ যানখনে কঢ়িয়াই নিব মহাকাশচাৰীক আৰু অৱতৰণ কৰাব চন্দ্ৰপৃষ্ঠত । প্ৰায় অৰ্ধ শতিকা পিছত চন্দ্ৰপৃষ্ঠত পুনৰ এবাৰ মানহৰ অৱতৰণে পূৰ্বতে উন্মোচন নোহোৱা বহু তথ্য প্ৰকাশ কৰিব বুলিও আশা কৰা হৈছে ।
আৰু পঢ়ক : অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য...