ছাত্ৰক কাৰাগাৰলৈ প্ৰেৰণ
ছাত্ৰক কাৰাগাৰলৈ প্ৰেৰণ 
নগাঁও

প্ৰশ্নকাকত ফাদিলৰে জড়িত নগাঁওৰ ছাত্ৰক কাৰাগাৰলৈ প্ৰেৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ৷ বাতিল কৰি দিয়া হ’ল দুটাকৈ পৰীক্ষা ৷ বিজ্ঞান আৰু অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰিলে ছেবাই ৷ ইতিমধ্যই আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উক্ত ঘটনাৰ লগত জড়িত বহুকেইজন শিক্ষকৰ উপৰিও অভিযুক্ত ছাত্ৰকো গ্ৰেপ্তাৰ কৰিছে ৷

ইয়াৰ লগতে ভূগোলৰ প্ৰশ্নকাকত বুলি উৰা বাতৰি বিয়পি পৰিছিল ৷ শেহতীয়াকৈ প্ৰশ্নকাকত ফাদিলৰ বিষয়ক লৈ গ্ৰেপ্তাৰ কৰা ছাত্ৰ মাছুম আলিক আদালতে কাৰাগাৰালৈ প্ৰেৰণ কৰিছে ৷ নগাঁৱৰ ছাত্ৰ মাছুম আলিয়ে ভূগোলৰ প্ৰশ্ন কাকত বুলি ভুৱা প্ৰশ্নকাকত ফাদিল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷

বৰভেটিৰ মাছুমক সোমবাৰে নগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পিছত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ নগাঁও সদৰ থানাত ৰুজু হোৱা ২৭৭/২০২৪ নম্বৰৰ গোচৰটোৰ বিপৰীতে মাছুমক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ মাছুমৰ বিৰুদ্ধে ৪২০/১২০(বি),৪৬৮ আৰু ৪৭১ ধাৰা ৰুজু কৰিছে আৰক্ষীয়ে ৷ জানিব পৰা মতে মাছুমৰ বয়স ১৯ বছৰ ৷