
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বুনিয়াদী শিক্ষাৰ অন্যতম আগশাৰীৰ তথা ঐতিহ্যমণ্ডিত চৰকাৰী শিক্ষানুষ্ঠান আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে উদযাপন কৰা হ’য় ৷ বিদ্যালয়খনৰ চাৰি গৰাকী প্ৰাক্তন ছাত্ৰৰ উপস্থিতিত বিশেষ কাৰ্যসূচীৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস ৷
অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট ব্যৱসায়ী দেবব্ৰত দহোতীয়াই পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ বিদ্যালয়খনত গছপুলি ৰোপণ কৰে প্ৰাক্তন ছাত্ৰ তথা শদিয়া ইক’ কেম্পৰ স্বত্বাধিকাৰী প্ৰাঞ্জল প্ৰতীম দত্তই ৷ স্মৃতি তৰ্পণ অনুষ্ঠানৰ পাতনি মেলে প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক চিন্ময় শৰ্মাই ৷
বিদ্যালয়খনৰ আন এজন প্ৰাক্তন ছাত্ৰ তথা অন্যতম সংগঠক ৰতনমণি চৌধুৰীয়ে আটাই কেইটা কাৰ্যসূচীতে সহযোগিতা আগবঢ়ায় ৷ ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰাক্তন ছাত্ৰকেইগৰাকীয়ে বন্তি প্ৰজ্বলন কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক হোমেন বৰুৱাই আঁত ধৰা অনুষ্ঠানত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লেখনিৰে সমৃদ্ধ 'কুঁহিপাত' শীৰ্ষক হাতেলিখা আলোচনীখনৰ ২০২২-২৩ বৰ্ষৰ তৃতীয় সংখ্যাটো উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ চিন্ময় শৰ্মাই ৷
প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে নৃত্য, গীত, বক্তৃতা আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তুলে ৷ আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অনুষ্ঠিত বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’য় ৷ লগতে প্ৰথম তিনিটা স্থান প্ৰাপ্তসকলক মানপত্ৰ আৰু মেডেল প্ৰদান কৰি শুভেচ্ছা জনোৱা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলো উপস্থিত থাকে ৷