/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/07947045-3458-4ded-8f36-2062e7033082/202.jpg)
ডিজিটেল সংবাদ, মায়ং : মায়ঙৰ এখন বিদ্যালয়ত এতিয়া একাঠু পানী। বুৰাবুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম নেকেৰাহাবী প্ৰাথমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰিছে। যাৰ ফলত যোৱা ৩দিন ধৰি পাঠদান ব্যহত হৈ পৰিছে ।
বিদ্যালয়খনত আছে ৪গৰাকী শিক্ষকৰ বিপৰীতে শতাধিক ছাত্ৰ ছাত্ৰী। পিছে যোৱা ৩দিন ধৰি ভদীয়া বানৰ বাবে শিক্ষক,ছাত্ৰ-ছাত্ৰী কোনোৱে বিদ্যালয়ত প্ৰৱেশ কৰিব পৰা নাই। চাৰিওফালৰ পৰা ব্ৰহ্মপুত্ৰৰ বানে আগুৰি লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c16b700d-6fee-4c7f-8c7a-bcfa365cb5f9/e84365ea_4fa6_43c0_b403_52bc75e38777.jpg)
বৃহস্পতিবাৰে প্ৰধান শিক্ষক আৰু এজন সহকাৰী শিক্ষকে নাৱেৰে গৈ বিদ্যালয়ৰ ভিতৰৰ আচবাববোৰ টেবুলত আৰু ঘৰৰ চালত কিছু ওলোমাই থৈ আহিছে বুলি জানিবলৈ দিয়ে। ৰান্ধনী ঘৰটোত এককাল পানী থকা বাবে চাউলৰ বেগবোৰ স্থানান্তৰ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1838fdc1-f53d-4946-93f4-95da97f221f9/3c033bd9_4b80_4df6_8162_28c5c220ba26.jpg)
ভদীয়া বানৰ ফলত গাঁৱখনৰ ৰাইজৰ যাতায়ত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। পানী শুকোৱাৰ পিছতহে পুনৰ বিদ্যালয়ৰ দুৱাৰ খোল খাব। এনেকুৱা আন কেইবাখনো শিক্ষানুষ্ঠান বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বানত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে।
Also Read: পথ নিৰ্মাণত গাফিলতি ! ঠিকাদাৰ ৰাজু চাহুৰ ৭ কোটি টকীয়া পথৰ নমুনা দেখি ক্ষুব্ধ ৰাইজ