বাগিচা, কৃষি পামে সলনি কৰিব পাৰে জীৱন...

তেওঁৰ বৰ্ণময় জীৱনৰ সোণসেৰীয়া অভিজ্ঞতাক কওঁ বুলিলেই ক’ব নোৱাৰে। বিস্মৃতিৰ গৰাহত সকলো ক্ৰমশঃ বিলীন হৈছে। অৱশ্যে এয়া অকল মেৰিয়ান ৰেগষ্টাডৰে সমস্যা নহয়। 

author-image
Tushar Pratim
New Update
বাগিচা, কৃষি পামে সলনি কৰিব পাৰে জীৱন...

প্ৰায় সকলোৰে মুখত শুনিবলৈ পোৱা এটা শব্দ ডিমেনচিয়া। এই ৰোগত আক্ৰান্ত মানেই জীৱন হৈ পৰে অসহনীয়। বিপদত পৰে আত্মীয়ও। পিছে প্ৰকৃতিতে লুকাই আছে এই ৰোগৰ মহৌষধ। এই মহৌষধ নালাগে খাব, কেৱল কিছু সময় দিব লাগে প্ৰকৃতিক। কেইবাটাও গৱেষণাৰ ব্যৱহাৰিক তথ্য সম্পৰ্কীয় প্ৰতিবেদনৰ ভিত্তিত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই সম্পৰ্কে এক বিশেষ প্ৰতিবেদন।

Advertisment

 

যোৱা প্ৰায় ৫০ বছৰ ধৰি ছুইজাৰলেণ্ডৰ এখন বিখ্যাত হোটেলত কেৰাণী হিচাপে কাম কৰি কিছু বছৰ আগতে অৱসৰ গ্ৰহণ কৰিছে মেৰিয়ান ৰেগষ্টাড নামৰ লোকজনে। নৰৱেৰ পৰা গৈ ছুইজাৰলেণ্ডত জীৱিকাৰ পথ মুকলাই লোৱা মেৰিয়ানে নতুন ভাষা, সংস্কৃতিৰ মাজত দিন পাৰ কৰিছিল। 

ছুইজাৰেণ্ডলৈ অহা বিভিন্ন দেশৰ পৰ্যটকক আকৰ্ষণৰ বাবে, তেওঁলোকৰ সৈতে সহজ হ’বলৈ কৰ্তব্যৰ তাড়ণাতেই হওঁক অথবা নিজৰ জিজ্ঞাসাৰ বাবেই হওঁক নতুন নতুন ভাষা শিকিছিল। সেই মেৰিয়ানে এতিয়া কথাবোৰ পাহৰিবলৈ আৰম্ভ কৰিছে।

তেওঁৰ বৰ্ণময় জীৱনৰ সোণসেৰীয়া অভিজ্ঞতাক কওঁ বুলিলেই ক’ব নোৱাৰে। বিস্মৃতিৰ গৰাহত সকলো ক্ৰমশঃ বিলীন হৈছে। অৱশ্যে এয়া অকল মেৰিয়ান ৰেগষ্টাডৰে সমস্যা নহয়। 

বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে বহু লাখ লাখ মানুহ এই সমস্যাৰ সন্মুখীন হৈছে। ডিমেনচিয়া নামৰ ৰোগবিধৰ চিকাৰ হৈছে বহু লোক। এই ৰোগবিধক নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই যদিও অতি সহজ অৰ্থৎ এই ৰোগে মানুহৰ স্মৃতি শক্তিক ধ্বংস কৰি পেলাই। এই ৰোগৰ চিকাৰ হোৱা লোকসকলে পাহৰি যায় সকলো। 

মেৰিয়ান ৰেগষ্টাডৰ সৈতেও সেয়াই হ’ল। পূৰ্বৰ সকলো স্মৃতি হেৰুৱাই অকলশৰীয়া  এক জীৱনৰ গৰাকী হৈ পৰিল তেওঁ। বিপদত পৰিল তেওঁৰ পৰিয়ালো। তেতিয়াই তেওঁলোকে খবৰ পালে ‘ইম্পলছ চেণ্টাৰ’ নামৰ এখন কেয়াৰ ফাৰ্মৰ। 

কেয়াৰ ফাৰ্মখনৰ নাম ইম্পলছ ৰখাৰ মূলতে আছিল তেওঁলোকে মানুহৰ কাম কৰাৰ প্ৰেৰণা, প্ৰৱণতা আৰু আনৰ সৈতে সংযোগ স্থাপনৰ ওপৰত কাম কৰে। এই ফাৰ্মখনৰ উদ্দেশ্য আছিল ডিমেনচিয়া ৰোগীসকলক নতুন জীৱন দিয়া। 

ফাৰ্মখনৰ সহ-সঞ্চালক ব্ৰিংছজৰ্ডে জনোৱা মতে তেওঁৰ পিতৃ-মাতৃয়ে এই ফাৰ্মখন প্ৰতিষ্ঠাৰ সময়ত ভাবিছিল ডিমেনছিয়া ৰোগীয়ে কাম কৰা বন্ধ কৰি, সামাজিক জীৱন হেৰুৱাই পেলোৱাটো অতি কঠিন কাম। সেয়ে ডিমেনচিয়া ৰোগীসকলক নতুন জীৱন দিব বিচাৰে তেওঁলোকে।

এনে ফাৰ্মত ডিমেনচিয়া ৰোগীসকলে মাটিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি বিভিন্ন কামত নিয়োজিত হয়। প্ৰকৃতিৰ সৈতে তেওঁলোকক বিলীন হৈ যাবলৈ দিয়া হয়। কোনোবাই যদি ফুলনিত ফুলত সাৰ, পানী দি প্ৰতিপালন কৰি সময় পাৰ কৰে আন কোনোৱে আকৌ কৃষি কাৰ্যত জড়িত হয়। তেনে কৃষি পামত থকা হাঁহ, কুকুৰাকে ধৰি আন পোহনীয়া জীৱ-জন্তুৰ সৈতে সময় পাৰ কৰে। 

এনে পদ্ধতিয়ে ডিমেনচিয়া ৰোগীসকলৰ মানসিক অৱস্থাৰ অবিশ্বাস্য ধৰণে উন্নতি ঘটাই বুলি বিশেষজ্ঞসকলে দাবী কৰিছে। এইদৰে প্ৰকৃতিৰ সৈতে কাৰ্যকলাপৰ জৰিয়তে বিভিন্ন স্বাস্থ্য জনিত সমস্যাৰ এই চিকিৎসা পদ্ধতিক গ্ৰীণ প্ৰেছক্ৰিপছন আখ্যা দিয়া হৈছে। 

গ্ৰীণ প্ৰেছক্ৰিপছনে শাৰীৰিক কাৰ্যকলাপ, সামাজিক সংযোগ বৃদ্ধি কৰিব পাৰে। তাৰোপৰি মানসিক চাপ হ্ৰাস কৰিব পাৰে। যাৰ ফলত শৰীৰত বহু ইতিবাচক প্ৰভাৱ যেনে ৰক্তচাপ, মধুমেহ ৰোগ নিয়ন্ত্ৰণ, শৰীৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ লগতে ডিমেনচিয়া হ্ৰাস কৰাত সহায় কৰে। 

কানাডাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসক তথা গৱেষক মেলিছা লেমে বিবিচিৰ এক প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰিছে। তেওঁ কৈছে, শাৰীৰিক কাৰ্যকলাপ মানসিক আৰু শাৰীৰিক স্বাস্য্এৰ বাবে উপকাৰী। কিন্তু বাগিচাই মানুহৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যক অধিক শক্তিশালী কৰি তোলে। 

তেওঁ ডিমেনচিয়া হ্ৰাস কৰাৰ বাবে বাৰীত কাম কৰা বা সময় অতিবাহিত কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ এক গৱেষণাতো বাগিচাত অধিক সময় অতিবাহিত কৰাৰ ফলত মানুহৰ বুদ্ধিমত্তাৰ পৰিবৰ্তন হোৱাৰ প্ৰমাণ লাভ কৰিছিল। 

২০০২ চনত আমেৰিকাত ৮০০ ৰো অধিক লোকক সামৰি এই সম্পৰ্কীয় এক গৱেষণা কৰা হৈছিল। সেই গৱেষণাত দেখা গৈছিল যিসকলে নিয়মিতভাৱে মানসিক উদ্দীপক কামত জড়িত হৈ আছে তেওঁলোকৰ এলঝেইমাৰ ৰোগৰ সম্ভাৱনা বহু কম। 

জাপানত চলোৱা এক গৱেষণাতো শেহতীয়াকৈ দেখা গৈছে যিসকল প্ৰাপ্তবয়স্ক লোকে অৰ্থপূৰ্ণ কামত জড়িত হৈ আছে তেওঁলোকৰ স্মৃতি শক্তি হেৰুওৱাৰ সম্ভাৱনা প্ৰায় নাই। গৱেষণাত স্পষ্ট হৈছে যিসকল লোকে উদ্দীপক কাৰ্যকলাপত জড়িত হৈ থাকে তেওঁলোকৰ সাধাৰণতে জ্ঞান, আচৰণ, সামাজিক আৰু পাৰস্পৰিক যোগাযোগ আদিৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয়। 

এডিন বাৰ্ড বিশ্ববিদ্যালয়ে ১১ ৰ পৰা ৭৯ বছৰ বয়সৰ এদল লোকৰ মাজত চলোৱা গৱেষণাত এই কথাও প্ৰমাণ হৈছে যে, যিসকল লোকে বাগিচাত কাম কৰে বা অধিক সময় অতিবাহিত কৰে তেওঁলোকৰ মানসিক ক্ষমতা বাগিচাৰ সৈতে সম্পৰ্ক নথকাসকলৰ তুলনাত যথেষ্ট বেছি। 

এই গৱেষণাত জড়িত দলটোৰ মুৰব্বী জেনী কৰ্লিয়ে এই সম্পৰ্কে কৈছে, যেতিয়া আমি মগজুৰ কিছু অংশ উদ্দীপিত কৰা কাম কৰাটো বন্ধ কৰি দিওঁ তেতিয়াই সেই অংশবোৰে কাম কৰাৰ ক্ষমতা হেৰুৱাবলৈ আৰম্ভ কৰে। কিন্তু যদিহে নিয়মিতভাৱে কিবা এটা শিকিবলৈ যত্ন কৰিলে, সৃষ্টিশীল কামত জড়িত হ’লে মানসিক ক্ষমতা বৃদ্ধি হয়। 


বাগিচাত ব্যস্ত থকা মানুহৰ মগজুৰ পৰা আহৰণ কৰা নিউৰ’ট্ৰফিক ফ্যেক্টৰ প্ৰটিনৰ মাত্ৰা বৃদ্ধি হয়। এই প্ৰ’টিনে মগজুৰ কোষৰ বৃদ্ধি কৰে আৰু সেইবোৰ জীয়াই থকাত মুখ্য ভূমিকা পালন কৰে। মহিলাসকলৰ ক্ষেত্ৰত মগজুত ভেছকুলাৰ এণ্ডোথেলিয়াল গ্ৰ’থ ফেক্টৰ নামৰ আন এক প্ৰকাৰৰ প্ৰ’টিনৰ মাত্ৰাও বৃদ্ধি হয়।  

২০০৬ চনত নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ এনে এক অধ্যয়নতে দেখা গৈছিল ষাঠি বছৰৰ উৰ্ধ্বৰ পুৰুষ-মহিলাৰ যিসকলৰ বাগিচাৰ সৈতে সম্পৰ্ক আছে তেওঁলোকৰ ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৩৬ শতাংশ কম। কেৱল সেয়াই নহয় বাগিচাই মানসিক শক্তি বৃদ্ধি, মানসিক চাপ হ্ৰাস কৰাৰ লগতে বহু ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধৰ ওপৰত থকা নিৰ্ভৰশীলতাও হ্ৰাস কৰে। 

এয়া কেৱল গ্ৰীণ প্ৰেছক্ৰিপছন অৰ্থাৎ সেউজীয়াৰ সৈতে বিলীন হোৱাৰ ফলতহে সম্ভৱ। ছুইডেনৰ চেলমাৰ্ছ ইউনিভাৰ্ছিটি অফ টেকনলজীৰ অধ্যাপক ৰজাৰ উৰিচে প্ৰকৃতিৰ সংস্পৰ্শত মানসিক চাপ হ্ৰাস কৰাৰ সন্দৰ্ভত ১৯৮০ আৰু ৯০ দশকত কেইবাটাও অধ্যয়নৰ জৰিয়তে বহু তথ্যই উন্মোচিত কৰিছিল। 

আনকি তেওঁ এই কথাও কৈছিল খিৰিকীৰে বাহিৰলৈ চাই বহু মানসিক চাপৰ পৰা উপশম পাব পাৰি।তেনে কৰিলে মনযোগ দিয়াৰ ক্ষমতাও বৃদ্ধি হয়। প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক এৰাব নোৱাৰা।প্ৰকৃতিক আওকান কৰাটো অসম্ভৱ। 

আনহে নালাগে জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ অঞ্চলৰ প্ৰতি মানুহৰ মগজু আপোনা আপুনি আকৰ্ষিত হয়। প্ৰকৃতি ইমানেই শক্তিশালী যে ক’ৰবাত ফটো এখনতো প্ৰাকৃতিক দৃশ্য দেখিলেওঁ, প্ৰকৃতিৰ কোনো এক অংশ নদ, নদী, চৰাই, চিৰিকটী অথবা বতাহ, বৰষুণৰ শব্দ শুনিলেও, সেউজীয়া পাত অথবা বোকা মাটিৰ গোন্ধ পালেও আমাৰ স্বাস্থ্যৰ বহুখিনি উন্নতি হয়। 

চহৰ অথবা আন ব্যস্ত পৰিবেশত আমাৰ মগজুৰ মনযোগ বজাই ৰখাৰ ক্ষমতা সীমিত। প্ৰকৃতিয়ে সেই সীমাবদ্ধতাক দূৰ কৰে। ফুলৰ বাগিচাই হওঁক অথবা সৰু কৃষি পামেই হওঁক মানুহক শাৰীৰিক কাৰ্যকলাপ কৰাত সহায় কৰে। 

গৱেষণাত দেখা গৈছে যিসকলে সপ্তাহত এঘণ্টাৰো অধিক সময় বাগিচাত পাৰ কৰিছে তেওঁলোকৰ হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৬৬ শতাংশ হ্ৰাস হয়। বাগিচাত ব্যস্ত থকা মানুহৰ হাতৰ নিপুণতা, পেশীৰ শক্তি, সহনশীলতাও বৃদ্ধি কৰে। 

সেয়ে যিসকলৰ ডিমেনচিয়া হৈছে তেওঁলোকৰ এই ৰোগ হ্ৰাস কৰাৰ বাবে বাগিচা বা কৃষি পাম অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ধৰণৰ বিভিন্ন গৱেষণাৰ ব্যৱহাৰিক তথ্যৰ পিছতেই নৰৱেত চৰকাৰে বিশ্বৰ ভিতৰতে প্ৰথমে ইম্পলছ চেণ্টাৰৰ ব্যৱস্থা কৰিছে। 

চৰকাৰী পৃষ্ঠপোষকতাত ডিমেনচিয়া ৰোগীৰ বাবে খুলিছে ইম্পলছ চেণ্টাৰ। ডিমেনচিয়াত আক্ৰান্ত হৈ এনে এখন ইম্পলছ চেণ্টাৰতে ব্যস্ত থকা ওপৰত উল্লেখিত মেৰিয়ান ৰেগষ্টাড এতিয়া বহু সলনি হৈছে। তেওঁক দেখিলেই অনুভৱ কৰিব পাৰি তেওঁ এতিয়া যথেষ্ট সুখী। 

আন আন ডিমেনচিয়া ৰোগীৰ ক্ষেত্ৰতো ইম্পলছ চেণ্টাৰত একেই দৃশ্য দেখা গৈছে। পূৰ্বৰ স্মৃতিক ঘূৰাই আনিব নোৱাৰিলেও অন্ততঃ তেওঁলোকে বাগিচা বা কৃষি পামত ব্যস্ত থকাৰ সময়ক পাহৰা নাই। মাত্ৰ ৩ দিন এনে ফাৰ্মত সময় পাৰ কৰি সপ্তাহলৈ তাৰ প্ৰতিটো কাম, প্ৰতিটো মুহূৰ্তক লৈ সুখী হৈ আছে। ডিমেনচিয়া ৰোগী এজনৰ বাবে ইয়াতকৈ বেলেগ আৰু কি লাগ?
 

nature ডিমেনচিয়া