/asomiyapratidin/media/media_files/2025/05/20/E50FjUmtZr31iXXv8WrK.jpg)
ডিজিটেল সংবাদ, বাক্সা : মঙলবাৰে বাক্সাৰ নিকাছিত দিহিৰা মণ্ডল বিজেপিৰ সাংগঠনিক সভাত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । উল্লেখযোগ্য যে, বিটিআৰৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে ইখনৰ পাছত সিখনকৈ অনুষ্ঠিত কৰি গৈছে সাংগঠনিক সভা ।
সভাত মন্ত্ৰীগৰাকীয়ে কয়- বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থিয় হৈছে বিজেপি । তেওঁ বিটিআৰত পদুম ফুলাবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰি বাক্সা জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিতে পৰ্যবেক্ষণ কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিয়ে ।
ইফালে সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে বিজেপিয়ে বিটিআৰত প্ৰৱেশ কৰা বুলি মন্তব্য কৰে ।