/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d9dc4547-fa7f-4f68-8bba-76f104d7b60a/201.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ পথ সংমণ্ডলত ৩গৰাকী ঠিকাদাৰকলৈ প্ৰচণ্ড মূৰ কামোৰণিৰ সৃষ্টি হৈছে ঢকুৱাখনাবাসীৰ । নিজকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ ঘনিষ্ঠ হিচাপে আত্মজাহিৰ কৰি অহা ৩ ঠিকাদাৰ ক্ৰমে ৰাজীৱ চাহু , ৰুদ্ৰ পেগু আৰু মহেন্দ্ৰ গুৰুংকলৈ এতিয়া জীয়া যন্ত্ৰণা ভুগিব লগা হৈছে ঢকুৱাখনাবাসীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ebcd49bb-e028-4170-9b4b-c9315d2570fe/c322867e_3057_45e3_a0b0_e2cb30d971ac.jpg)
ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিভিন্ন লোকনিৰ্মাণ বিভাগৰ পথ নিৰ্মাণ আঁচনিৰ কাম লৈ চূড়ান্ত বেপৰোৱামী প্ৰদৰ্শন কৰি অহা এই ত্ৰিমূৰ্তিৰ নেতৃত্বত অব্যাহত থকা সীমাহীন অনিয়ম দুৰ্নীতিৰ অভিযোগে সৰ্বসাধাৰণ নাগৰিকক অতিষ্ঠ কৰি আহিছে । শেহতীয়াকৈ এই ত্ৰিমূৰ্তিৰ অন্যতম সংগী ৰাজীৱ চাহুৰ দ্বাৰা ৰূপায়িত এক কেন্দ্ৰীয় আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/67bb22e4-8dd2-41c1-af1f-e14bec18ffae/30b424eb_acfd_44c1_a17b_78816c04be27.jpg)
ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ সংমণ্ডলৰ অন্তৰ্গত বৰদৈবামৰ পৰা আলিমুৰ গাঁও সংযোগী এটা পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল এইজন ৰাজীৱ চাহুৱে । ২০২০-২০২১ বৰ্ষৰ প্ৰধান মন্ত্ৰী গ্ৰাম চঢ়ক যোজনাৰ পেকেজ নম্বৰ এ এছ ১৫ /৬২৭ অধীনত যোৱা ২০২১ চনৰ ১০ মে'ত কামৰ অৰ্ডাৰ লাভ কৰি কাম আৰম্ভ কৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/81321717-4416-44fd-be8c-6700c27e9bff/0c78045b_0d8c_44df_96b9_71edc27effc2.jpg)
কিন্তু ২০২১ চনৰ পৰা ২০২৩ চন পৰ্যন্ত এই কালছোৱাত প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘৰ পথটো নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে নিষ্কর্মা ঠিকাদাৰ চাহুৱে। দৰাচলতে কামৰ ঠিকা লৈ কাম নকৰাকৈ সমুদায় পুঁজি উদৰস্থ কৰাৰ পাং পতা এইজন ৰাজীৱ চাহুৱে ইতিমধ্যে আগতীয়া বাৰিষা আৰু প্ৰবল বৰষুণৰ অচিলা দেখুৱাই দুবাৰ বিভাগৰ পৰা কামৰ সময়সীমা দুবছৰ বৃদ্ধি কৰাই লৈছিল ।
নিবিদা চুক্তি মতে কামৰ নিৰ্দেশ পত্ৰ লাভৰ ৯ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগে । কিন্তু তাকে নকৰি বিভাগীয় অভিযন্তা , সহকাৰী অভিযন্তা সকলক মেনেজ কৰি কামৰ সময় বৃদ্ধি কৰি আজি পৰ্যন্ত পথটো সম্পূৰ্ণ কৰিব পৰা নাই।
যি সামান্য অংশত বিতুমিন যুক্ত পকীকৰণ কৰা হৈছে সেয়াও অতি নিম্নমানৰ , ক্ৰুটিপূৰ্ণ আৰু বেপৰোৱাভাৱে কৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। বিভাগৰ শাখা বিষয়াক সন্তুষ্ট কৰি অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰ ব্যৱহাৰ কৰি,পৰ্যাপ্ত ৰুলিং নকৰাকৈ,পানী নমৰাকৈ পথটো ব্লেক তপিং কৰাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই হাতেৰে সামান্য টানি দিলে বা লঘু যান বাহন চলাচল কৰোতে প্ৰায় ৭ কোটি ৯৬ লাখ ৯২ হাজাৰ ৩০০ টকীয়া পথটোৰ পৃষ্ঠভাগ বখলা বখলে উঠি যোৱা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a71e8eae-9b77-4309-ac2f-f4d36104b581/e29df09e_ad6a_47e3_b643_81690bf7ab98.jpg)
ৰাইজৰ কাৰিকৰী অজ্ঞতাৰ সুযোগ লৈ অতি ক্ৰুটিপূৰ্ণভাৱে এই পথৰ কিছু অংশ নিৰ্মাণ কৰিয়ে ঠিকাদাৰ চাহুৱে বিভাগৰ পৰা ইতিমধ্যে প্ৰায় ৬কোটি টকা উলিয়াই নিয়া বুলি বিভাগীয় সূত্ৰে জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যৰে এই পথ অংশ অতি নিম্ন মানদণ্ডৰে নিৰ্মান কৰি আবন্তিত পুঁজিৰ সিংহ ভাগ সৰকাই নিয়াৰ পাছত এতিয়া সমগ্ৰ পথটো মৰণ ফাণ্ডলৈ পতিত হৈছে।
ঠায়ে ঠায়ে পানী বোকাময় হৈ নিৰাপদ যাতায়ত বিঘ্নিত হোৱাৰ পাছতো তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ঠিকাদাৰ চাহুৰ । অৱশিষ্ট মাত্ৰ ১ কোটি ১৯ লাখ টকাহে বাকী থকা অৱস্থাত পথটোৰ সমগ্ৰ জৰাজীৰ্ণ অৱস্থা দূৰীকৰণ কিদৰে সম্ভৱ বুলি প্ৰশ্ন তুলিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।
ভুক্তভোগী অঞ্চলবাসী ৰাইজে এইক্ষেত্ৰত বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাৰ ৰাজনৈতিক আশীৰ্বাদ ঠিকাদাৰ চাহুৰ ওপৰত থকাৰ বাবেই সামান্য আৰু ক্ৰুটিপূৰ্ণ কাম কৰি কেন্দ্ৰীয় আঁচনিৰ পুঁজি সমুলঞ্চে উদৰস্থ কৰাতো সম্ভৱ হল বুলি পতিয়ন গৈছে। লোকনিৰ্মান বিভাগে শীঘ্ৰে এইজন দাম্ভিক আৰু অকমন্য ঠিকাদাৰক "ব্লেক লিষ্টেড" কৰাৰ দাবী উত্থাপন কৰি অৱশিষ্ট পুঁজিৰ সদব্যৱহাৰ কৰি মৰণফাণ্ডলৈ পতিত পথটো যাতায়তৰ উপযোগী কৰি তোলাৰ বাবে বিভাগক দাবী জনাইছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f73be3bb-aeeb-4c9e-beb7-aa3650f415ce/dafd7e51_89ca_4787_8079_58c35e36e269.jpg)
অন্যথাই অকৰ্মণ্য ঠিকাদাৰ ,দুৰ্নীতিগ্ৰস্ত লোকনিৰ্মান বিভাগ আৰু উদাসীন বিধায়ক- সাংসদৰ বিৰুদ্ধে সবল গণ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে ।
Also Read: মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ২৭টা গোচৰৰ এফ আই আৰ গ্ৰহণ চি বি আইৰ