লখিমপুৰ

চেলাজান ঘাটত নিৰুদ্দিষ্টৰ দ্বিতীয় দিনাও নাই সন্ধান ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰঙালীৰ ৰংৰ উৎসৱমুখীতা সমূলঞ্চে  ম্লান কৰি শনিবাৰে ঢকুৱাখনাৰ কেঁকুৰীত সংঘটিত হৈছিল এক মৰ্মান্তিক দুর্ঘটনা । ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ভাটি কেঁকুৰী অঞ্চলৰ  চেলাজান নদী সাঁতুৰী পাৰ হওঁতেই এগৰাকী ব্যক্তি নদীত ডুব গৈ সন্ধানহীন হৈছিল ।

  সোনাৰী চাপৰিৰ পৰা এখন বাইকেৰে ঘৰমুৱা হোৱা চেলাজান কছাৰী গাঁওৰ ত্ৰৈলোক্য সোণোৱাল নামৰ ব্যক্তিজনৰ সন্ধান দ্বিতীয় দিনাও ওলোৱা নাই । শনিবাৰে বিয়লি চেলাজান ঘাটত থকা নাওত নিজৰ বাইক পাৰ হবলৈ উঠাই দি নিজে শান্ত সমাহিত নদীখন সাঁতুৰী পাৰ হবলৈ চেষ্টা কৰিছিল  ত্ৰৈলোক্য সোণোৱাল ২৪ বছৰীয়া নামৰ ব্যক্তিজনে । কিন্তু অকস্মাত চেলাজান চাৰিকঢ়িয়া নদী সাঁতুৰী পাৰ হওঁতেই পানীত ডুব যায় ।

চকুৰ সন্মুখতে ডুৱন্ত অৱস্থাত জ্যেষ্ঠ ভাতৃক দেখি উদ্ধাৰৰ বাবে নাওৰ পৰা নদীত জাপ দিছিল এগৰাকী ভাতৃ প্ৰণৱ সোণোৱালে । কিন্তু যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহল । পৰৱৰ্তী সময়ত প্ৰত্যক্ষদৰ্শী ৰাইজে সন্ধানহীন ব্যক্তিজনৰ  সন্ধান উলিয়াবলৈ নদীত নিজাববীয়া প্ৰয়াস চলাই নাওলৈ ।  কিন্তু সফল নহয় ।

পাছত সোনাৰী চাপৰি আৰক্ষী চকীত খবৰ দি ঢকুৱাখনা এছ ডি আৰ এফ বাহিনীক অৱগত কৰাত বাহিনীগৈ তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ  ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলাই । কিন্তু সন্ধিয়া পৰ্যন্ত  সন্ধানহীন ব্যক্তিজনৰ কোনো উৱাদিহ উলিয়াব নোৱাৰিলে নাওৰক্ষী বাহিনীয়ে । পৰৱৰ্তী সময়ত আন্ধাৰ নামি অহাত উদ্ধাৰ অভিযান স্থগিত ৰাখি দেওবাৰে পুনৰ অভিযান চলায়ো কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।