আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে হত্যা কৰিলে কুখ্যাত গেংষ্টাৰ আতিক আহমেদক

আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে হত্যা কৰিলে কুখ্যাত গেংষ্টাৰ আতিক আহমেদক

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ মানেই যেন অপৰাধীৰ ঘাটি হৈ পৰিছে দিনক দিনে । আৰক্ষী-প্ৰশাসন যেন নীৰৱ দৰ্শক এই নাটকখনৰ । অপৰাধীৰ ৰম্যভূমি উত্তৰ প্ৰদেশত সংঘটিত হ'ল এইবাৰ এক লোমহৰ্ষক কাণ্ড । আৰক্ষী-সংবাদ মাধ্যমৰ সন্মুখতেই গুলিয়াই হত্যা কৰা হ'ল কুখ্যাত গেংষ্টাৰ আতিক আদমেদ আৰু তেখেতৰ ভাতৃক ।

আতিক আহমেদ আৰু তেখেতৰ ভাতৃ আছৰাফক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল চিকিৎসালয়লৈ । তেনে সময়তেই সংবাদ মাধ্যমে গেংষ্টাৰ গৰাকীক প্ৰশ্ন কৰি থকাৰ মাজতেই আততায়ীয়ে মূৰত গুলিয়াই হত্যা কৰে আতিকক । কেৱল আতিকেই নহয় এই গুলীচালনাত নিহত হয় আতিকৰ ভাতৃ আছৰাফো ।

উল্লেখ্য যে, ঘটনাস্থলীত উপস্থিত আছিল ১৭ গৰাকীকৈ আৰক্ষী বিষয়া কিন্তু গুলীচালনাৰ সময়ত আতিকক লৈ অনা এজন আৰক্ষীও কাষ নাচাপিল আততায়ীকেইজনক ৰখাবলৈ । বৰং সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাছতহে কৰায়ত্ত কৰা হয় আততায়ী কেইজনক ।

দোষী সাব্যস্ত কৰা আৰু শাস্তি প্ৰদান কৰা হৈছে ন্যায়ালয়ৰ কাম । অপৰাধী হ'লেও সাধাৰণ জনতাই আইন হাতত তুলি ল'ব নোৱাৰে । তাৰ বাবে আছে আৰক্ষী-প্ৰশাসন । কিন্তু উত্তৰ প্ৰদেশত সংঘটিত এই ঘটনাই এতিয়া উত্তৰ প্ৰদেশত আৰক্ষীৰ কাৰ্যক্ষমতা আৰু দক্ষতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে ।

আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে হত্যা কৰিলে কুখ্যাত গেংষ্টাৰ আতিক আহমেদক
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে ফাদিল কৰিলে পুলৱামা কাণ্ডৰ অন্তৰালৰ ৰহস্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in