সমাজ সংগঠক-শিল্পী সৰ্বেশ্বৰ চুতীয়াৰ পৰলোকপ্ৰাপ্তি

সমাজ সংগঠক-শিল্পী সৰ্বেশ্বৰ চুতীয়াৰ পৰলোকপ্ৰাপ্তি

author-image
Asomiya Pratidin
New Update
সমাজ সংগঠক-শিল্পী সৰ্বেশ্বৰ চুতীয়াৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ,লখিমপুৰ : লখিমপুৰ চকুলীভৰীয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি,সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা ৭ বজাত পৰলোক প্ৰাপ্তি হয় ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ থকা চুতীয়া শেহতীয়াকৈ স্থানীয় ড০ দাস হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷

Advertisment

অসম কো অপাৰেটিভ এপেক্স বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া চুতীয়া লখিমপুৰৰ এগৰাকী বিশিষ্ট সমাজ সংগঠক হোৱাৰ লগতে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশত তেওঁ "কৃষ্ণগুৰু” এক নাম ধৰ্মৰ প্ৰসাৰত অৰিহণা যোগাইছিল ৷ চকুলীভৰীয়াত “কৃষ্ণগুৰু” শাখা সেৱাশ্ৰম প্ৰতিষ্ঠা কৰাত প্ৰয়াত চুতীয়াৰ উল্লেখযোগ্য অৰিহণা আছিল ৷

সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তিত “কৃষ্ণগুৰু ” আধ্যাত্মিক সমাজৰ ভকত-বৈষ্ণৱসকলৰ মাজত উত্তৰ অসমত গভীৰ শোকৰ ছাঁ পৰে ৷ উল্লেখযোগ্য যে যুৱ অৱস্থাত ফুটবল খেলুৱৈ হিচাপে বিশেষ নাম কৰা, চুতীয়াৰ গায়ন বায়নৰ শিল্পী হিচাপেও এক বিশেষ চিনাকি আছিল।

লখিমপুৰৰ বিধায়ক মানৱ ডেকাই চুতীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰি এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ তথা গায়ন-বায়ন শিল্পী হিচাপে সুঁৱৰি দুখ প্ৰকাশ কৰে। মৃত্যুৰ সময়ত সৰ্বেশ্বৰ চুতীয়াই পত্নী, জী-জোঁৱাই, দুই পুত্ৰ, বোৱাৰী, দুগৰাকী ভাতৃৰ লগতে সহস্ৰ গুণমুগ্ধ ইহসংহাৰত এৰি থৈ যায়।

সৰ্বেশ্বৰ চুতীয়াৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰে। পৰিয়ালৰলোকে জনোৱা অনুসৰি শিল্পী চুতীয়াৰ শেষকৃত শুকুৰবাৰে পুৱা ৭ বজাত চকুলীভৰীয়াত সম্পন্ন কৰা হ'ব।

Also Read: কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত মিলেট সজাগতা সভা

artist