/asomiyapratidin/media/media_files/2025/05/31/6EDnuYwmUxrVVmJI4qb9.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অৱশেত নিয়তিৰ ওচৰত হাৰ মানিলে অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড০ ডালিমী কোঁৱৰে। আজি বিয়লী ৩ বজাত নুনমাটিৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ড০ কোঁৱৰে।
পৰিয়ালৰ পৰা জানিব পৰা মতে, দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ টাটা মেম'ৰিয়েল আৰু বি বৰুৱা কৰ্কট হাস্পতালত দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি আছিল অসমীয়া লোক সংস্কৃতিৰ গৱেষকগৰাকীয়ে।
চিকিৎসকৰ পৰামৰ্শ মৰ্মে পৰিয়ালৰ লোকে তেওঁক কিছুদিন পূৰ্বে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা নুনমাটিৰ নিজা বাসভৱনলৈ লৈ গৈছিল।দীৰ্ঘদিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত তেওঁ হাৰ মানিবলৈ বাধ্য হয়।
উল্লেখ্য যে, অসমৰ বিভিন্ন টিভি চেনেলে আয়োজন কৰা দিহানামৰ প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰি আহিছিল ড০ কোঁৱৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬৭ বছৰ।
বৰ্তমান নিজ বাসগৃহতে আছে ডালিমী কোঁৱৰৰ মৃতদেহ। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত বিশিষ্ট লেখিকা গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। লক্ষ্যণীয় যে, লোক সংস্কৃতিৰ গৱেষক গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসমৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে।