/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d59a4f00-42dd-42c4-acfc-f8aae37ee52b/SIR_R_AAPI.jpg)
ডিজিটেল ডেস্ক : বৰ্তমান ভাৰতত শ্রীঅন্ন হিচাপে অভিহিত তথা একবিংশ শতিকাৰ সৰ্বোত্তম খাদ্য শস্যবোৰৰ ভিতৰত অন্যতম হ'ল মিলেট। এসময়ত অসমীয়া খাদ্যাভ্যাসৰ অংশ আছিল যদিও সময়ৰ গতিত ক্ৰমান্বয়ে মিলেটৰ চাহিদা হ্রাস পাবলৈ ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e54462dc-49a2-45a0-ad74-5e55f0e71b88/dc5c0a31_7b63_4081_8497_3791ddf43fb9.jpg)
সেয়েহে মিলেটৰ গুৰুত্ব বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০২২ চনৰ ১৬ নৱেম্বত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৭ বছৰৰ উদ্দেশ্যে অসম মিলেট মিচনৰ শুভাৰম্ভ কৰে। অসম মিলেট মিচনৰ উদ্দেশ্য আগত ৰাখিয়ে বৃহস্পতিবাৰে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত ৰঙিয়াৰ ২৯ নং মুৰাৰা বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক এখন সজাগতা সভাৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2005b49d-6315-4b62-ad6e-6939d222054f/71327792_59c7_4add_9abe_66e84e65271e.jpg)
২৯ নং মুৰাৰা বালিকা বিদ্যালয়ৰ প্ৰায় ৬০ গৰাকী শিক্ষার্থীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি খগেন কলিতা, প্ৰধান শিক্ষক অজান বৈশ্য আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলেও উক্ত সভাত অংশগ্ৰহণ কৰে। সভাখনত কামৰূপ জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ ন'ডেল অফিচাৰ সন্দিপ ভূঞা আৰু মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী শ্ৰীয়া দেৱীয়ে সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7eb435d9-79b6-470b-9869-e1b27a6467e0/dc5c0a31_7b63_4081_8497_3791ddf43fb9.jpg)
সভাত মিলেটৰ প্ৰকাৰ আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে ছাত্র-ছাত্ৰীক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়। সভাৰ শেষত ছাত্ৰ-ছাত্রীসকলক প্ৰশ্ন কৰাত তেওঁলোকে মিলেট দৈনন্দিন খাদ্যত অন্তর্ভুক্ত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। জানিব পৰা মতে, জুন মাহৰ প্ৰায় দিনকেইটাত কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ত এনেদৰেই মিলেট সজাগতা সভাৰ আয়োজন কৰা হৈছিল।
Also Read: কামপুৰৰ পথ দুৰ্ঘটনাত ছাত্ৰ নিহত