যমুনামুখত আদৰ্শ আচৰণ বিধি ভংগৰ অভিযোগত সহকাৰী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী…

যমুনামুখত আদৰ্শ আচৰণ বিধি ভংগৰ অভিযোগত সহকাৰী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী…

author-image
asomiyapratidin
New Update
যমুনামুখত আদৰ্শ আচৰণ বিধি ভংগৰ অভিযোগত সহকাৰী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ ৯০নং যমুনামুখ সমষ্টিত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি ভংগৰ অভিযোগত এগৰাকী সহকাৰী শিক্ষকক নিৰ্বাচনী বিভাগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিৱৰণী অনুসৰি, যমুনামূখ সমষ্টিৰ অন্তৰ্গত বৰহাৱৰ তিনিআলিত মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নুৰুল হুছেইনৰ উদ্যোগত এখন ৰাজনৈতিক নিৰ্বাচনী সভা যোৱা ২৪ মাৰ্চৰ বিয়লি অনুষ্ঠিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

উক্ত অভিযোগৰ ভিত্তিত হোজাই জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ আদৰ্শ আচৰণ বিধি কোষৰ দায়িত্বপ্ৰাপ্ত বিষয়াই শিক্ষক গৰাকী লৈ বৃহস্পতিবাৰে HJM-08/2021/MCC CELL/Pt-I নং যোগে কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে। সহকাৰী শিক্ষক নুৰুল হুছেইনক ২৪ ঘন্টাৰ ভিতৰত উত্তৰ দিবলৈ জাননীখনত নিৰ্দেশ দিয়া হৈছে বুলি জাৰি কৰা জাননীত প্ৰকাশ পাইছে।