শৃংখল চলিহা চৰকাৰী পোহনীয়া বাঘ আৰু চাবি দিয়া পুতলাঃ বিদ্যুৎ শইকীয়া

নাগাৰ বিৰুদ্ধে আন্দোলন কৰি ২০০বিঘা ভুমি আমি ঘুৰাই আনিছো, সেই সময়ত নাকত তেল দি শুই আছিল। আমি যেতিয়া নদীবান্ধ আন্দোলন অবিৰত ভাৱে কৰি আছিলো ক'ত আছিল শৃংখল চলিহাৰ লাচিত সেনা।

author-image
Asomiya Pratidin
New Update
d

ডিজিটেল ডেস্কঃ  ‘৫ জন নাপিতক ধৰি লপা-থপা দিয়াটো শৃংখল চলিহাৰ জাতীয়তাবাদ। চলিহাই কৰা জাতীয়তাবাদ শিশু জাতীয়তাবাদ,তেওঁ এজন চৰকাৰী পোহনীয়া বাঘ’- এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াৰ।

Advertisment

যোৰহাটত বীৰ লাচিত সেনাই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাৰ পাছতেই সংগঠনটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই সমালোচনাৰে থকাসৰকা কৰিছে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাক।

উজনিত সৃষ্টি হোৱা আন্দোলন প্ৰসংগত কৃষক মুক্তিয়ে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া আগবঢ়োৱা শৃংখল চলিহাক তীক্ষ্ণ সমালোচনা কৰি বিদ্যুৎ শইকীয়াই কয়, নাগাৰ বিৰুদ্ধে আন্দোলন কৰি ২০০বিঘা ভুমি আমি ঘুৰাই আনিছো, সেই সময়ত নাকত তেল দি শুই আছিল। আমি যেতিয়া নদীবান্ধ আন্দোলন অবিৰত ভাৱে কৰি আছিলো ক'ত আছিল শৃংখল চলিহাৰ লাচিত সেনা। টোল গেটৰ বিৰুদ্ধে আমি কৰা আন্দোলনৰ বাবে অখিল গগৈ জেইললৈ গৈছিল, ভূমিৰ অধিকাৰৰ বাবে কি ধৰণে আন্দোলন কৰিছিল কৃষক মুক্তিয়ে সেয়া আকৌ ক'ব লাগিব নেকি বুলিও ক্ষোভ উজাৰে শইকীয়াই।

তেওঁ লগতে কয়, কৃষক মুক্তিয়ে চান্দা তুলি খোৱা নাই, আমাৰ কৃষক মুক্তিৰ সদস্যই পথাৰত আন্দোলন কৰি খাইছে। যদি কেৱল ৫জন বিহাৰী নাপিতক লপা-থপা দিয়েই জাতীয়তাবাদ দেখুওৱা হয়, ইটা ভাটাত কাম কৰা নামনিৰ ১০জন শ্ৰমিকক উজনিত কানত ধৰাই আঠু কঢ়ালেই জাতীয়তাবাদ হয়, সেই জাতীয়তাবাদক আমি দুৰৰ পৰাই নমস্কাৰ কৰিছো।

বিদ্যুৎ শইকীয়াই দাবী জনায় যে, আমাৰ দাবীৰ ভিত্তিত গুৱাহাটীত জিঞ্জাৰ হোটেল ভঙাৰ কথা ক'বলৈ বাধ্য হৈছে মন্ত্ৰী, আমিয়ে ধুবুৰীত গৌতম আদানীৰ পুতেক জিৎ আদানিক আহোতে তীব্ৰ প্ৰতিবাদ কৰিছিলো।দিছপুৰ-দিল্লীৰ বিৰুদ্ধে আন্দোলন কৰি বীৰত্ব তথা জাতীয়তাবাদ প্ৰদৰ্শন কৰিবলৈ শৃংখল চলিহাক দাবী জনাই শইকীয়াই।

লগতে কয় যে, শৃংখলে আমবানী-আদানিৰ বিৰুদ্ধে যুদ্ধ কৰক। ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই শৃংখল চলিহা-লাচিত সেনাৰ। সৌ সিদিনা উজনিৰ পৰা মিঞা শ্ৰমিকক অত্যাচাৰ কৰি খেদিছিল শৃংখল বাহিনীয়ে। আজি আকৌ কেনেকৈ ইটা ভাতাত সেই সকল শ্ৰমিক নিয়োজিত হ'ব পাৰিলে? নে ইটা ভাতাৰ মালিকৰে অংক হৈ গ'ল বীৰ লাচিত সেনাৰ বুলিও প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তিৰ নেতাগৰাকীয়ে।

শইকীয়াই আৰু কয়, উজনিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি আজি বহিৰাগতৰ হাতত সেই বিষয়ে কিয় তু শব্দ এটাও নাই শৃংখল চলিহাৰ? আমাৰ মুখ খুলিলে বহু কথাই ক'ব পাৰো। আন্দোলনত বিতৰ্কিত ৰঞ্জিত শইকীয়াৰ নাম আজিৰ তাৰিখত কিয় নাই শৃংখল চলিহাৰ মুখত ? এতিয়া বহু মানুহে কৈছে কোনোবা এখন হোটেলত বহাৰ পিছতে শৃংখলৰ মুখত ৰঞ্জিত শইকীয়াৰ নাম নোহোৱা হ'ল, এয়া হৈছে ভণ্ডামি।

শেষত শৃংখল চলিহাক সতৰ্ক কৰি তেওঁ কয়, কোনখন সংবিধানত লিখা সাধাৰণ মানুহে অসমত গুন্দা টেক্স ল'ব পাৰে? শৃংখল চলিহাই মুকলিকৈ কোৱাৰ পিছতো কিয় গ্ৰেপ্তাৰ নহয়? কোনোবা চেনেলত আৰু কোন ৰাজনৈতিক দলৰ স্বত্ৰচায়াত শৃংখলৰ আন্দোলন সেয়া অসমৰ মানুহ নাজানে নেকি? মুখ আছে বুলিয়েই আবোল-তাবোল নবকিব।

বীৰ লাচিত সেনা শৃংখল চলিহা