অসম

উদমাৰিত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ আজি আন্তজাৰ্তিক শ্ৰমিক দিৱস । সোমবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন হৈছে শ্ৰমিক দিৱস । এই উপলক্ষ্যে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ লংজাপ পঞ্চায়ত সমিতিৰ আহ্বানত লংজাপ উদমাৰিত উদযাপন কৰা হয়আন্তৰ্জাতিক শ্ৰমিক দিৱস ।

মে' দিৱস উপলক্ষে আহ্বান কৰা ৰাজহুৱা সভাত সভাপতিত্ব কৰে সন্থাৰ লংজাপ পঞ্চায়তৰ সভাপতি জয়নাল আবেদিনে । সন্থাৰ প্ৰবীন নেতা লক্ষণ বানাই, প্রদীপ বৰদলৈ, আলি আকবৰ, কচুৱা তিনিআলি পৰিবহন শ্রমিক সন্থাৰ সভাপতি চাইদুৰ ৰহমান গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় নেত্রী আয়েফা বেগম আৰু সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই সভাত অংশ গ্ৰহণ কৰে ।

সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই সভাত নিজৰ মন্তব্যত কয় ভাৰতত আজি আন্তৰ্জাতিক মে দিৱস উদযান কৰা এশ বছৰ হ'ল । আজি এই এশ বছৰত ভাৰতবৰ্ষৰ শ্রমিক শ্ৰেণীৰ সন্মুখত কেন্দ্ৰৰ বিজেপি চৰকাৰ বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে ।

লগতে তেওঁ কয় শ্রম আইন সংশোধন কৰাৰ নামত শ্ৰমিক শ্ৰেণীৰ সামাজিক তথা আইনী সুৰক্ষা আম্বানী-আদানিৰ স্বাৰ্থত নিঃশেষ কৰা হৈছে । লগতে চৰকাৰী ভূমি উদ্ধাৰৰ নামত লেণ্ড বেংক নীতিৰ অধীনত ভূমি আৰু আৱাস উচ্ছেদ কৰিছে ।

নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধি, সংস্থাপনহীনতাই সর্বস্তৰৰ ৰাইজ আজি মোদীৰ চৰকাৰৰ আক্ৰমণৰ সন্মুখীন হৈছে । এনে অৱস্থাৰ অৱসান বাবে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান জনায় অৰূপ কুমাৰ মহন্তই ।