গ্ৰেপ্তাৰ হ’ল শিৱসাগৰৰ বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰ...

অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰ । শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত ঠিকাদাৰ জনক
নিৰ্মল ম’ৰৰ গ্ৰেপ্তাৰ
নিৰ্মল ম’ৰৰ গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰ । শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত ঠিকাদাৰ জনক ।

গ্ৰেপ্তাৰ কৰি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শিৱসাগৰলৈ লৈ যোৱা যোৱা হৈছে অভিযুক্ত ঠিকাদাৰজনক । এ জে ৱাই চি পিৰ নেতাক প্ৰহাৰ কৰি পলাই থকাৰ অভিযোগ আছিল নিৰ্মল ম’ৰৰ বিৰুদ্ধে ।

উল্লেখ্য যে ঠিকাদাৰগৰাকীৰ কাণ্ডক কৈ দেওবাৰে উত্তপ্ত হৈ পৰিছিল শিৱসাগৰ জিলা । ঠিকাদাৰগৰাকীক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ।

নিৰ্মল ম’ৰৰ গুণ্ডাগিৰী নচলিব, নিমল ম’ৰ ওলাই আহক, নিৰ্মল ম’ৰক গ্ৰেপ্তাৰ কৰক, অসমত গুণ্ডাগিৰী নচলিব আদি শ্ল’গানৰে জিলাখনৰ ৰাজপথ উত্তাল হৈ পৰিছিল ।

এই ঘটনাৰ পিছতেই ভিডিঅ’যোগে ক্ষমা ভিক্ষাও খুজিছিল ম’ৰে । এই ঘটনাৰ পিছতেই সোমবাৰে ম’ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষী । শিৱসাগৰ সদৰ থানালৈ লৈ যোৱা হৈছে ম’ৰক ।

নিৰ্মল ম’ৰৰ গ্ৰেপ্তাৰ
তাৎক্ষণিক হ'ব বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in