/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/cf126978-e13f-491f-bfa2-b958ef7270b3/flower_1.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : কৃষিভূমিত হালধীয়া, ৰঙা, গুলপীয়া, শুভ্ৰ ৰঙৰ প্ৰয়োভৰ ৷ নানা ৰঙৰ সমাহৰেৰে জিলিকি উঠিছে কাজিৰঙাৰ শিলজুৰীৰ এখন খেতিপথাৰ ৷ এই ৰঙীন ফুলৰ মাজতে জীৱিকাৰ সন্ধান কাজিৰঙাৰ জ্যোতিষ্মান বৰা নামৰ এজন উদ্যোগী যুৱকৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/0b6c060b-5f21-414e-b673-e0f7ebab429c/WhatsApp_Image_2023_02_20_at_7_52_31_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f282a168-d582-4a02-9612-9837f84606d4/WhatsApp_Image_2023_02_20_at_7_52_32_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8e381d4e-ba1f-446a-8476-52833efc0313/WhatsApp_Image_2023_02_20_at_7_52_31_AM.jpeg)
অৱশ্যে দেখাত ধুনীয়া হ’লেও সৌন্দৰ্য বৰ্ধনৰ বাবে নহয় এই বিশেষ প্ৰজাতিৰ ফুল। প্ৰায় ৯০ বিঘা ভূমিত কৰা কেলেন্দোলা আৰু কেমোমাইন প্ৰজাতিৰ ফুলবোৰৰ আছে ঔষধি গুণ ৷ কীটনাশকৰ লগতে ছালৰ ৰোগ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰণত ব্যৱহাৰ হোৱা এই ফুলবোৰৰ ছাহিদা আছে বহিৰাজ্যৰ লগতে বিদেশত ৷
গতিকে ঔষধ প্ৰস্তুত কৰা কোম্পানীৰ লগত হোৱা বুজাবুজিৰ চুক্তি মৰ্মে ফুলবোৰ প্ৰেৰণ কৰা হ’ব দিল্লীলৈ ৷ বোকাখাতৰ কৃষি বিভাগৰ সহযোগিতাত জ্যোতিষ্মানে আৰম্ভ কৰা ফুলৰ খেতিত ইতিমধ্যে নিয়োজিত হৈছে প্ৰায় ৪০ গৰাকী নিবনুৱা যুৱক যুৱতী ৷ যোৱা নৱেম্বৰ মাহত প্ৰথম আৰম্ভ কৰা ফুলৰ খেতিত আশাপ্ৰদ উত্তৰণত আনন্দিত জ্যোতিষ্মানে দেখিছে সফলতাৰ ৰেঙণি ৷
আৰু পঢ়ক : এইবাৰ গুৱাহাটী মহানগৰীত শ্ৰদ্ধা কাণ্ডৰ অনুৰূপ ঘটনা, স্বামী আৰু শাহুক হত্যা পৰকীয়া প্ৰেমৰ বাবে