জালত পৰিল কুখ্যাত সুৰা মাফিয়া গগন পাটোৱাৰী

অৱশেষত জালত পৰিল কুখ্যাত সুৰা মাফিয়া গগন পাটোৱাৰী। হাজোৰ মনাহকুচিত সুৰা মাফিয়াটোক ধৰি কেইবা লাখ টকাৰ অবৈধ সুৰাসহ হাজো আৰক্ষীক গতাই দিলে হিন্দু জাগৰণ নামৰ সংগঠনটোৰ সদস্য সকলে।

author-image
Asomiya Pratidin
New Update
 জালত পৰিল কুখ্যাত সুৰা মাফিয়া গগন পাটোৱাৰী

জালত পৰিল কুখ্যাত সুৰা মাফিয়া গগন পাটোৱাৰী

ডিজিটেল সংবাদ, হাজোঃ অৱশেষত জালত পৰিল কুখ্যাত সুৰা মাফিয়া গগন পাটোৱাৰী। হাজোৰ মনাহকুচিত সুৰা মাফিয়াটোক ধৰি কেইবা লাখ টকাৰ অবৈধ সুৰাসহ হাজো আৰক্ষীক গতাই দিলে হিন্দু জাগৰণ নামৰ সংগঠনটোৰ সদস্য সকলে।

Advertisment

সংগঠনটোৱে লগতে জব্দ কৰিলে এখন ডি আই ভেন। সুৰা মাফিয়া গগন পাটোৱাৰীসহ আন এজন ব্যৱসায়িকো ধৰিলে সংগঠনটোৰ সদস্যই। পিছত জব্দকৃত সুৰাসহ কুখ্যাত সুৰা মাফিয়া গগন পাটোৱাৰীক গতাই দিয়ে হাজো আৰক্ষীক। উল্লেখযোগ্য, গুৱাহাটীৰ পৰা সুৰাখিনি হাজোৰ বিভিন্ন প্ৰান্তত বিতৰণ কৰিবলৈ আনিছিল গগন পাটোৱাৰীয়ে। আৰক্ষীক মেনেজ কৰি দীৰ্ঘদিনে অবৈধ সুৰাৰ এই ব্যৱসায় চলাই অহাৰ অভিযোগ গগন পাটোৱাৰীৰ বিৰুদ্ধে। 

হাজো